অসম

assam

ETV Bharat / state

গোৱালপাৰাৰ ধূপধৰাত বন্যহস্তীৰ তাণ্ডৱ - বন্যহস্তী

বিগত কেইবাদিন ধৰি জিলাখনৰ বিভিন্ন প্ৰান্তত বনৰীয়া হাতীয়ে ধাৰাবাহিকভাবে জনাঞ্চলত প্ৰৱেশ কৰি ধ্বংস কাৰ্য চলাই থকাৰ মাজতে পুনৰ জিলাখনৰ ধূপধৰাৰ গুলিয়ানপাৰা আৰু সৰুৱাদলত তিনিটা কৈ পৰিয়ালৰ ভাঙি লণ্ড ভণ্ড কৰে কেইবাটাও বাসগৃহ। গুলিয়ানপাৰাৰ ৰঘুনাথ বসুমতাৰীৰ এটা ভড়ালঘৰ ভাঙি লণ্ড ভণ্ড কৰাৰ লগতে খাই তহিলং কৰে মজুত কৰি ৰখা খাদ্য সামগ্ৰী।

Elephant violence at goalpara
গোৱালপাৰাৰ ধূপধৰাত বন্যহস্তীৰ তাণ্ডৱ

By

Published : Jun 25, 2020, 2:23 PM IST

বকো,25 জুনঃ গোৱালপাৰা জিলাত অব্যাহত আছে বনৰীয়া হাতীৰ উপদ্ৰৱ। বিগত কেইবাদিন ধৰি জিলাখনৰ বিভিন্ন প্ৰান্তত বনৰীয়া হাতীয়ে ধাৰাবাহিকভাৱে জনাঞ্চলত প্ৰৱেশ কৰি ধ্বংস কাৰ্য চলাই থকাৰ মাজতে পুনৰ জিলাখনৰ ধূপধৰাৰ গুলিয়ানপাৰা আৰু সৰুৱাদলত বুধবাৰে তিনিটাকৈ পৰিয়ালৰ কেইবাটাও বাসগৃহ ভাঙি লণ্ড ভণ্ড কৰে। গুলিয়ানপাৰাৰ ৰঘুনাথ বসুমতাৰীৰ এটা ভড়ালঘৰ ভাঙি লণ্ড ভণ্ড কৰাৰ লগতে খাই তহিলং কৰে মজুত কৰি ৰখা খাদ্য সামগ্ৰী। আনহাতে সৰুৱাদলত অনিৰুদ্ধ গোৱালা আৰু দীপক দৈমাৰীৰ এটাকৈ বাসগৃহ ভঙাৰ লগতে বিস্তৰ ক্ষতি সাধন কৰে আচবাব সমূহৰ বনৰীয়া হাতীৰ জাকটোৱে। আনহাতে কথামপি প্ৰাণ ৰক্ষা পৰে পৰিয়ালকেইটাৰ ৷

গোৱালপাৰাৰ ধূপধৰাত বন্যহস্তীৰ তাণ্ডৱ

ABOUT THE AUTHOR

...view details