গোৱালপাৰা, 29 জানুৱাৰী : ৰাজ্যৰ ভিন্ন প্ৰান্তত দৈনিক সংঘটিত হৈ আহিছে (Man Elephant conflict in Assam) বন্যহস্তীৰ ত্ৰাসৰ ঘটনা । জনাঞ্চললৈ বন্যহস্তীৰ আগমন তথা পথাৰৰ শষ্য নষ্ট কৰাৰ লগতে ঘৰ বাৰী ভাঙি চলোৱা তাণ্ডৱত বাৰুকৈয়ে বিপাঙত পৰি আহিছে ৰাইজ ৷ সম্প্ৰতি খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা বনৰীয়া হস্তীৰ ত্ৰাসত প্ৰায়ে উজাগৰী নিশা কটাবলগীয়া হৈছে গোৱালপাৰাবাসীয়ে ৷ বিগত কিছু দিনৰ পৰা লক্ষীপুৰ আঞ্চলিক বন বিভাগৰ অধীনস্থ বিভিন্ন এলেকাত বনৰীয়া হাতীৰ এটা বৃহৎ জাকে চলাই আহিছে উপদ্ৰৱ(Elephant menace continues in Goalpara) ।
হাতী মানুহৰ এই সংঘাতত শুকুৰবাৰে নিশা লক্ষীপুৰৰ চৈৰাবাৰীত লুপেন্দ্ৰ ৰাভা নামৰ এজন ব্যক্তি হাতীৰ আক্ৰমণত নিহত হয় । জানিব পৰা মতে লোকজনে শুক্ৰবাৰে গৰু বিচাৰি ঘৰৰ পৰা কাষৰে এখন হাবিলৈ ওলাই গৈছিল । গৰু বিচাৰি যোৱা লোকজনে হঠাৎ হাতীৰ মুখামুখি হোৱাত পলাবলৈ চেষ্টা কৰে যদিও হাতীয়ে আগভেটি ধৰি লোকজনক ভৰিৰে গচকী প্ৰাণকাঢ়ি নিয়ে(One Man died in Elephant attack) ।