গোৱালপাৰা, 24 নৱেম্বৰঃ গোৱালপাৰা জিলাৰ ভালুকডুবিৰ অতি ভিতৰুৱা অঞ্চল গেন্দ্ৰাপাৰাত মঙলবাৰৰ পুৱতি নিশা এটা বনৰীয়া হাতীৰ মৃত্যু হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । মঙলবাৰে পুৱা গেন্দ্ৰা পাৰাৰ ধাননি পথাৰৰ মাজত উদ্ধাৰ হয় এই হাতাটোৰ মৃতদেহ ।
স্থানীয় ৰাইজে সদৰি কৰা অনুসৰি, গোৱালপাৰা আগিয়া থানাৰ অন্তৰ্গত কল্যানপুৰ, শলমাৰী, আগিয়া, কুৰুৱাভাষা আদি অঞ্চলত মেঘালয়ৰ পৰা অহা প্ৰায় 20 টা হাতীৰ এটা জাকে কিছুদিনৰ পৰা আশ্ৰয় লৈ আছেহি । লগতে এই হাতীৰ জাকটোৱে খাদ্য সন্ধানত বিগত দুমাহ ধৰি উপদ্ৰৱ চলাই আহিছে অঞ্চলটোত ৷ কিয়নো বনৰীয়া হাতীৰ এই জাকটোৱে জনাঞ্চললৈ ওলাই আহি শালি ধানৰ পথাৰ সমূহ তহিলং কৰাৰ কথা জনালে স্থানীয় ৰাইজে ।