অসম

assam

ETV Bharat / state

লক্ষীপুৰৰ গোৱল গাঁৱত বনৰীয়া হাতীৰ মৃত্যু

গোৱল গাঁৱত শুকুৰবাৰে পুৱতি নিশা মৃত্যু হয় এটি বনৰীয়া হাতীৰ ৷ অচিনাক্ত দূৰ্বৃত্তৰ দলে বিদ্যুৎ সংযোগী তাঁৰ আনি পথাৰৰ মাজৰ নলাৰ কাষত ৰখাৰ ফলত বিদ্যুৎপৰিবাহী তাঁৰত লাগি হাতীটোৰ মৃত্যু হয় ৷ ঘটনাস্থলীৰ পৰা বিদ্যুৎ সংযোগ কৰা বহু কেইটা বাঁহৰ খুটাও প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে ৷

elephant death at Goalpara
লক্ষীপুৰৰ গোৱল গাঁৱত বনৰীয়া হাতীৰ মৃত্যু

By

Published : Nov 6, 2020, 12:32 PM IST

গোৱালপাৰা,6নৱেম্বৰ: গোৱালপাৰা জিলাৰ লক্ষীপুৰ থানাৰ অন্তৰ্গত গোৱল গাঁৱত শুকুৰবাৰে পুৱতি নিশা এটি বনৰীয়া হাতীৰ মৃত্যু হয় ৷ লক্ষীপুৰ থানাৰ অন্তৰ্গত শিগৰী, বৰদল, পুখুৰীপাৰা,বাতাপাৰা,গোৱল আদি পাহাৰীয়া অঞ্চলত মেঘালয়ৰ পৰা অহা 20-22 জনীয়া হাতীৰ জাক এটাই সঘনাই উপদ্ৰৱ চলাই আছিল ৷ হাতীৰ জাকটোৱে বিগত ৩/৪ মাহৰ পৰা অঞ্চলটোত ত্ৰাস চলাই আছিল।

লক্ষীপুৰৰ গোৱল গাঁৱত বনৰীয়া হাতীৰ মৃত্যু

বনৰীয়া হাতীৰ জাকটোৱে শালি ধানৰ পথাৰত প্ৰৱেশ কৰি তহিলং কৰিছিল। কিছুদিন পূৰ্বে বাতাপাৰা গাঁৱৰ কাকো ৰাভাৰ পুত্ৰ তৰুণ ৰাভাক জাকটোৰ হাতীয়ে গচকি প্ৰাণ লৈছিল । আচাৰ্য্যজনক ভাৱে শুকুৰবাৰে পুৱা গোৱল গাঁৱৰ শ্মশানৰ ওচৰৰ খেতি পথাৰৰ মাজত থকা নলাত হাতীৰ জাকটোৰ বিশাল আকৃতিৰ মাইকী হাতী এটাৰ মৃতদেহ উদ্ধাৰ হয় ।

লক্ষীপুৰৰ গোৱল গাঁৱত বনৰীয়া হাতীৰ মৃত্যু

স্থানীয় ৰাইজে হাতীটোৰ মৃতদেহ প্ৰত্যক্ষ কৰাৰ পাছতে বনবিভাগ আৰু আৰক্ষীক খবৰ দিয়ে ৷ লক্ষীপুৰৰ বন বিষয়া শৰৎ দাস,আৰক্ষী বিষয়া,পশু চিকিৎসা বিষয়া,সমাজ কৰ্মী অঞ্জলিমা ব্ৰহ্ম,অশ্বিনী বসুমতাৰী ঘটনাস্থলীত উপস্থিত হয় ৷

লক্ষীপুৰৰ গোৱল গাঁৱত বনৰীয়া হাতীৰ মৃত্যু

স্থানীয় ৰাইজে অভিযোগ কৰা মতে,অচিনাক্ত দুৰ্বৃত্তৰ দলে বিদ্যুৎ সংযোগী তাঁৰ আনি পথাৰৰ মাজৰ নলাৰ কাষত ৰখাৰ ফলত বিদ্যুৎপৰিবাহী তাঁৰত লাগি হাতীটোৰ মৃত্যু হয় । ঘটনাস্থলীৰ পৰা বিদ্যুৎ সংযোগ কৰা বহু কেইটা সৰু বাঁহৰ খুটাও স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে । পিছত বন-বিষয়াৰ উপস্থিতিত হাতীৰ মৃতদেহটো পৰীক্ষাৰ অন্তত মাটিত পুতি থৈ দিয়ে ।

লগতে পঢ়ক:সৰ্বানন্দ সোণোৱাল জাতীয়তাবাদী নেতা নহয় : জগদীশ ভূঞা

ABOUT THE AUTHOR

...view details