গোৱালপাৰা,2 নৱেম্বৰ: গোৱালপাৰা জিলাৰ ৰংজুলি ৰেঞ্জৰ অধীনৰ বিভিন্ন অঞ্চলত লাডেন ন নামৰ বনৰীয়া হাতীটোৰ সন্ত্ৰাস চলি থকাৰ মাজতে শনিবাৰে পুৱাই কাণকাটাত উদ্ধাৰ হয় এটা হাতী পোৱালীৰ মৃতদেহ ৷ কন্যাকুছি শালজাৰত গাঁতত পৰি থকা অৱস্থাত মৃত হাতী পোৱালীটোক দেখি বন বিভাগক খবৰ দিয়াত ঘটনাস্থলীত উপস্থিত হয় ৰংজুলি ৰেঞ্জৰ বন কৰ্মীৰ দল ৷ ৰংজুলি ৰেঞ্জৰ ৰেঞ্জাৰে ব্যক্ত কৰা অনুসৰি হাতীৰ জাকৰ পৰা হঠাৎ গাঁতত পিছলি পৰাৰ পিছত হাতীৰ গচকতে মৃত্যু হয় হাতী পোৱালীটোৰ ৷ ইপিনে মঙলবাৰে লাডেন নামৰ বনৰীয়া হাতীটোৰ আক্ৰমণত গোৱালপাৰাৰ মাটিয়াত পাঁচজনকৈ নিৰীহ লোকৰ মৃত্যু হোৱাৰ চাৰিদিন পাছতো ট্ৰেংকুলাইজকৰিব পৰা নাই হাতীটোক ৷ বন বিভাগৰ বৃহৎ দল এটাই ড্ৰোণ কেমেৰাআৰু মানসৰ পৰা হাতী আনি লাডেনৰ সন্ধানত অভিযান চলাইছে যদিও সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই লাডেনৰ ৷ বন বিভাগৰ এনে ব্যৰ্থতাত তীব্ৰ ক্ষোভ আৰু অসন্তুষ্টি প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ ৰাইজৰ অভিযোগ,লাডেনক ট্ৰেংকুলাইজ কৰাৰ বাবে যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল তেনে ধৰণে ব্যৱস্থা লোৱা নাই বন বিভাগে।
লাডেনৰ সন্ত্ৰাসৰ মাজতে কাণকাটাত উদ্ধাৰ মৃত হাতী পোৱালী - Elephant Deadbody found at Kankata of Goalpara
কন্যাকুছি শালজাৰত গাঁতত পৰি থকা অৱস্থাত মৃত হাতী পোৱালীটোক দেখি বন বিভাগক খবৰ দিয়াত ঘটনাস্থলীত উপস্থিত হয় ৰংজুলি ৰেঞ্জৰ বন কৰ্মীৰ দল ৷ ৰংজুলি ৰেঞ্জৰ ৰেঞ্জাৰে ব্যক্ত কৰা অনুসৰি হাতীৰ জাকৰ পৰা হঠাৎ গাঁতত পিছলি পৰাৰ পিছত হাতীৰ গচকতে মৃত্যু হয় হাতী পোৱালীটোৰ ৷
![লাডেনৰ সন্ত্ৰাসৰ মাজতে কাণকাটাত উদ্ধাৰ মৃত হাতী পোৱালী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4937564-thumbnail-3x2-p1.jpg)
উল্লেখ্য যে বনৰীয়া হাতীৰ বৃহৎ জাক আৰু লাডেনৰ অৱস্থিতিয়ে আতংকিত কৰি ৰাখিছে কাণকাটা,কাহিবাৰী,জিয়াগুৰী,ছাতাবাৰী, খেৰোপাৰাকে ধৰি কেবাখন গাঁওৰ শ শ লোকক ৷ নিশা হ'লেই ঘৰ-দুৱাৰ এৰি নিৰাপদ স্থানলৈ ঢাপলি মেলে মহিলা শিশু সকলে ৷ আতংক আৰু দুঃচিন্তাত থকা গাঁওৰ পুৰুষসকলে ওৰে নিশা পহৰা দিয়ে হাতীৰ জাকক ৷ স্থানীয় ৰাইজৰ দাবী শীঘ্ৰে লাডেনক ট্ৰেংকুলাইজ কৰাৰ লগতে কন্যাকুছি বনাঞ্চলত থিতাপি লোৱা বন্যহস্তীৰ জাকটোক খেদি পঠিয়াওক বন বিভাগে ৷ জীয়াই থকাৰ বাবে ন্যূনতম নিৰাপত্তাখিনি প্ৰদান কৰক বনবিভাগে ৷
লগতে চাওকঃ তেজপুৰত বিজেপি কৰ্মীৰ আক্ৰমণৰ বলি এটা পৰিয়াল : আহত তিনি