অসম

assam

ETV Bharat / state

গোৱালপাৰাত ৰাইজৰ দলৰ নিৰ্বাচনী ৰণডংকা

২১ ৰ নিৰ্বাচনত পূৱ গোৱালপাৰাত ৰাইজৰ দলৰ বিধায়ক নিশ্চিত ! কংগ্ৰেছ আৰু বিজেপিক উৎখাত কৰি ৰাইজৰ দলৰ চৰকাৰ নিশ্চিত বুলি মন্তব্য কৰে কমল কুমাৰ মেধিয়ে ।

By

Published : Feb 25, 2021, 12:58 PM IST

গোৱালপাৰাত ৰাইজৰ দলৰ নিৰ্বাচনী ৰণডংকা
গোৱালপাৰাত ৰাইজৰ দলৰ নিৰ্বাচনী ৰণডংকা

গোৱালপাৰা,25 ফেব্ৰুৱাৰী : পূৱ গোৱালপাৰা বিধানসভা সমষ্টিত মাছ নাপালেও পানী ঘোলা কৰিব ৰাইজৰ দলে । ৰাইজৰ দলক লৈ শংকিত এতিয়া বিজেপি-এজেপি আৰু কংগ্ৰেছ দলৰ শিবিৰ । এই কথাৰ প্ৰমাণ দিলে গোৱালপাৰা চহৰৰ ঈদগাহ ময়দানত অনুষ্ঠিত হোৱা ৰাইজৰ দলৰ প্ৰাথমিক সমিতি সমূহৰ সমাৰোহে । দহ সহস্ৰাধিক লোকে যোগদান কৰা সভাখনত নিৰ্বাচনী ৰণ জিকাৰ অংগীকাৰ কৰিলে ৰাইজৰ দলৰ নেতৃত্বই ।

গোৱালপাৰাত ৰাইজৰ দলৰ নিৰ্বাচনী ৰণডংকা

সভাত ৰাইজৰ দলৰ মুখপাত্ৰ জ্ঞানশ্ৰী বৰাই সকলো শ্ৰেণীৰ লোককে দলটোক আস্থা আৰু বিশ্বাসত ল’বলৈ আহ্বান জনায় । একেখন সভাতে ৰাইজৰ দলৰ সাধাৰণ সম্পাদক কমল কুমাৰ মেধিয়ে কয় যে, আজিৰে পৰা কংগ্ৰেছ দলৰ বিধায়ক এ কে ৰচিদ আলমৰ উচ্চ ৰক্তচাপ আৰম্ভ হৈছে । কিয়নো ৰাইজে এইবাৰ বিদায় দিব কংগ্ৰেছৰ বিধায়ক এ কে ৰচিদ আলমক ।

সাম্প্ৰদায়িক ৰাজনীতি কৰা বিজেপি দলে আমাৰ সমাজখন ধ্বংস কৰিলে । বিজেপি দলৰ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৬৫ শতাংশ লোকক লৈ ৰাজনীতি কৰিব বিচাৰিছে, কিন্তু বাকী ৩৫ শতাংশ লোকক তুচ্ছ-তাচ্ছিল্য কৰি ৰাজ্যখনত সাম্প্ৰদায়িক বিষবাষ্প বিয়পাব বিচাৰিছে । অখিল গগৈ যিদিনাখন মুক্তি পাব, সিদিনাখনৰ পৰাই অসমৰ ৰাজনীতিত সলনি হোৱা পৰিলক্ষিত হ’ব বুলি মন্তব্য কৰে মেধিয়ে ৷

গোৱালপাৰাত ৰাইজৰ দলৰ নিৰ্বাচনী ৰণডংকা

ৰাইজৰ দলৰ কাৰ্যবাহী সভাপতি ভাস্ক’ ডি শইকীয়াই কয় যে, অসমত বিজেপিৰ ভাৰত মাতা কি জয় নচলিব, অসমত কেৱল জয় আই অসম হে চলিব লাগিব । বিজেপি ক্ষমতালৈ পুনৰ আহিলে অসমখন বিদেশীৰ চৰণীয়া পথাৰত পৰিণত হ’ব । কিয়নো বহু বিদেশীক বিজেপিয়ে নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে আনিব বিচাৰিছে বুলিও উল্লেখ কৰে মেধিয়ে ।

লগতে পঢ়ক:সমুখত নিৰ্বাচন:আৰ্থিক সংকটত কংগ্ৰেছ

ABOUT THE AUTHOR

...view details