অসম

assam

ETV Bharat / state

ধুবুৰীত বদৰুদ্দিন আজমলৰ নিৰ্বাচনী প্ৰচাৰ

প্ৰধান মন্ত্ৰী মোদীয়ে আকৌ চাহৰ দোকান দিব লাগিব বুলি কটাক্ষ আজমলৰ ।

By

Published : Apr 21, 2019, 6:34 PM IST

ধুবুৰীত বদৰুদ্দিন আজমলৰ নিৰ্বাচনী প্ৰচাৰ

ধুবুৰী, ২১ এপ্ৰিলঃ ৪নং ধুবুৰী লোকসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলৰ । প্ৰধান মন্ত্ৰী মোদীয়ে আকৌ চাহৰ দোকান দিব লাগিব বুলি কটাক্ষ আজমলৰ ।

ধুবুৰীত বদৰুদ্দিন আজমলৰ নিৰ্বাচনী প্ৰচাৰ

পশ্চিম গোৱালপাৰাৰ লক্ষীপুৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হোৱা এ আই ইউ ডি এফৰ এক নিৰ্বাচনী সভাত বদৰুদ্দিনে প্ৰতিটো ৰাজনৈতিক দলক তীব্ৰ ভাষাৰে সমালোচনা কৰে । বি জে পি জিকিলে আৰ এছ এছৰ ৰাজত্ব চলিব লগতে হিমন্ত, মোডীয়ে টোপোলা বান্ধি বাংলাদেশ লৈ পঠিয়াব মুছলমান সম্প্ৰদায়ৰ লোক সকলক বুলিও মন্তব্য কৰে নেতা গৰাকীয়ে । তাৰোপৰি হিমন্ত বিশ্ব পাগল হৈ সভাত নাচি-বাগি বিভিন্ন ধৰণে এ আই ইউ দি এফক গালি গালাজ পাৰি থকা বুলিও মন্তব্য কৰে আজমলে । সভাত নেতা গৰাকীয়ে এ আই ইউ ডি এফক ভোট দি জয়যুক্ত কৰিবলৈ আহ্বান জনায় ।

ABOUT THE AUTHOR

...view details