অসম

assam

ETV Bharat / state

Land dispute: ভূমি বিবাদৰ ভয়ংকৰ পৰিণতি, মৰিয়াই মৰিয়াই হত্যা কৰিলে ভাতৃক - ভূমি বিবাদৰ ভয়ংকৰ পৰিণতি

গোৱালপাৰাত ভূমি বিবাদৰ ভয়ংকৰ পৰিণতি ৷ জ্যেষ্ঠ ভাতৃয়ে মৰিয়াই মৰিয়াই হত্যা কৰিলে কণিষ্ঠ ভাতৃক (Elder brother kills younger brother)৷

Elder brother kills younger brother
জ্যেষ্ঠ ভাতৃয়ে মৰিয়াই মৰিয়াই হত্যা কৰিলে কণিষ্ঠ ভাতৃক

By

Published : Jul 19, 2022, 1:39 PM IST

গোৱালপাৰা, 19 জুলাই: গোৱালপাৰাত ভূমি ভাগ-বিতৰণৰ ভয়ংকৰ পৰিণতি ৷ নিজ ককায়েকৰ হাততে প্ৰাণ হেৰুৱালে ভাতৃয়ে (Elder brother kills younger brother) ৷

ভূমি বিবাদৰ ভয়ংকৰ পৰিণতি, মৰিয়াই মৰিয়াই হত্যা কৰিলে ভাতৃক

ঘটনা অনুসৰি দীৰ্ঘদিন ধৰি সোনামুই গাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক আব্দুল মান্নান আকন্দ আৰু কনিষ্ঠ ভাতৃ আব্দুল খায়েৰৰ মাজত ভেটি মাটি ভাগ বতৰা কৰাক কেন্দ্ৰ কৰি সংঘাত চলি আছিল (Murder case in Goalpara) । মাজে মাজে পৰিয়াল দুটাৰ মাজত এই সন্দৰ্ভত কাজিয়াৰো সূত্ৰপাত হৈছিল ৷ কিন্তু মঙলবাৰে এই কাজিয়াই চৰম সীমা অতিক্ৰম কৰে ৷

মঙলবাৰে পুৱা 8.30 বজাত ককায়েক মান্নানে লগত 6 জন লোকক লৈ ভায়েকৰ ঘৰত প্ৰৱেশ কৰি আব্দুল খায়েৰক উপৰ্যুপৰি প্ৰহাৰ কৰে ৷ পৰিয়ালৰ লোকে এই কাণ্ড দেখি হতবাক হয় ৷ ভাতৃৰ পত্নীয়ে বাৰে বাৰে বাধা দিছিল যদিও কোনো কাণসাৰ নকৰিলে ককায়েকে ৷ আক্ৰমণত গুৰুতৰভাৱে আহত হৈ মাটিত ঢলি পৰে আব্দুল খায়েৰ ৷

অৱশেষত মুমুৰ্ষ অৱস্থাত খায়েৰক পৰিয়ালৰ লোকে স্থানীয় লক্ষীপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰে যদিও তেওঁক মৃত বুলি ঘোষণা কৰে চিকিৎসকে ৷

এই ঘটনাত সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । হত্যাকাৰী আব্দুল মান্নান আকন্দ আৰু হত্যাকাণ্ডত জড়িত 5 অভিযুক্তক আটক কৰি কঠোৰ শাস্তীৰ দাবী জনাইছে স্থানীয় ৰাইজ তথা পৰিয়ালৰ লোকে ৷

লগতে পঢ়ক:কলগাছিয়াত ভূমি বিবাদক কেন্দ্ৰ কৰি মাৰপিট: গুৰুতৰভাৱে আহত 5 জন

ABOUT THE AUTHOR

...view details