অসম

assam

ETV Bharat / state

5.2 প্ৰাবল্যৰ ভূমিকম্পই জোকাৰিলে ৰাজ্য

বুধবাৰে পুৱা 8.45 ত 5.2 প্ৰাবল্যৰ ভূমিকম্পই জোকাৰিলে ৰাজ্য ৷ ভূমিকম্পৰ অভিকেন্দ্ৰ গোৱালপাৰা জিলা ৷

as-earthquake magnitude 5.2 shook assam on wednesday-img
5.2 প্ৰাৱল্যৰ ভূমিকম্পই জোকাৰিলে ৰাজ্য

By

Published : Jul 7, 2021, 11:16 AM IST

নিউজ ডেস্ক, 7 জুলাই : বুধবাৰে পুৱা 8.45 বজাত ৰাজ্যত পুনৰ অনুভুত হয় ভূমিকম্পৰ জোকাৰণি ৷ ৰিখটাৰ স্কেলত ভূমিকম্পটোৰ প্ৰাবল্য আছিল 5.2 আৰু গভীৰতা আছিল ভূ-পৃষ্ঠৰ পৰা 14 কিল’মিটাৰ ৷ ভূমিকম্পটোৰ অভিকেন্দ্ৰ (epicenter) গোৱালপাৰা জিলা ৷

উল্লেখ্য যে, বিগত 28 এপ্ৰিলৰ পুৱা ৭ বাজি ৫১ মিনিট ২৫ ছেকেণ্ডত ৰিখটাৰ স্কেলত ৬.৭ প্ৰাবল্যৰ এক ভূমিকম্পই জোকাৰি গৈছিল সমগ্ৰ অসম । এই ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল শোণিতপুৰ জিলাৰ বৰচলা সমষ্টিৰ ধীৰাই মাজুলী । ভূমিকম্পৰ ফলত শোণিতপুৰ জিলাৰ এই অঞ্চলৰ পৰা মাটি ফাঁট মেলি পানী ওলোৱাৰ তথ্য পোৱা গৈছিল ৷

ইয়াৰ উপৰিও সেই ভূমিকম্পৰ ফলত ৰাজ্যৰ বিভিন্ন স্থানত বিস্তৰ ক্ষয়-ক্ষতি হৈছিল । গুৱাহাটীৰ বহু অট্টালিকাত ফাঁট মেলা দেখা গৈছিল । প্ৰবল সেই জোকাৰণিৰ পাছত একে লেথাৰিয়ে কেইবাটাও মৃদু জোকাৰণি অনুভূত হৈছিল ৰাজ্যত ।

লক্ষণীয় বিষয় যে ২৮ এপ্ৰিলৰ সেই শক্তিশালী ভূমিকম্পৰ পাছত প্ৰায় দৈনিক মৃদু ভূমিকম্প হৈ আহিছে ৰাজ্যত । সেই ভূমিকম্পৰ পাছৰে পৰা এতিয়ালৈকে অৰ্ধ শতাধিক ভূমিকম্প হোৱাৰ তথ্য পোৱা গৈছে । আজিৰ এই ভূমিকম্পটোৰ পূৰ্বে 19 জুনৰ পুৱতি নিশা 4.2 প্ৰাবল্যৰ এটি ভূমিকম্পৰ জোকাৰণি অনুভৱ কৰিছিল ৰাজ্যবাসীয়ে ৷ ইয়াৰ গভীৰতা 30 কিল’মিটাৰ আছিল যাৰ অভিকেন্দ্ৰ (epicenter) আছিল শোণিতপুৰ জিলা ।

লগতে পঢ়ক-বৃহৎ ভূমিকম্পই কঁপাব নেকি অসম ?

ABOUT THE AUTHOR

...view details