অসম

assam

ETV Bharat / state

লক্ষীপুৰত দিব্যাংগ শিশুৰ মাজত সহায়ক সঁজুলি বিতৰণ - বিষয়া দেবানন্দ বড়োৰ

গোৱালপাৰাত লক্ষীপুৰ শিক্ষাখণ্ডৰ উদ্যোগত দিব্যাংগ শিশুৰ মাজত সহায়ক সঁজুলি বিতৰণ । লক্ষীপুৰ প্ৰাথমিক বিদ্যালয় প্ৰাংগনত অনুষ্ঠিত সভাত শতাধিক দিব্যাংগ শিশুৰ মাজত সহায়ক সঁজুলি বিতৰণ কৰা হয় ।

গোৱালপাৰাত লক্ষীপুৰ শিক্ষাখণ্ডৰ উদ্যোগত দিব্যাংগ শিশুৰ মাজত সহায়ক সঁজুলি বিতৰণ
গোৱালপাৰাত লক্ষীপুৰ শিক্ষাখণ্ডৰ উদ্যোগত দিব্যাংগ শিশুৰ মাজত সহায়ক সঁজুলি বিতৰণ

By

Published : Dec 2, 2020, 4:06 PM IST

গোৱালপাৰা, ২ ডিচেম্বৰ: বুধবাৰে গোৱালপাৰা জিলাৰ লক্ষীপুৰত শতাধিক দিব্যাংগ শিশুৰ মাজত সহায়ক সঁজুলি বিতৰণ কৰা হয় । লক্ষীপুৰ প্ৰাথমিক বিদ্যালয় প্ৰাংগনত এখন সজাগতা সভাৰো আয়োজন কৰা হয় । দিব্যাংগ শিশুসকলৰ মাজত ট্ৰাই চাইকেল, হুইল চেয়াৰ, শ্ৰৱণ যন্ত্ৰ, এম আৰ কিট আদি বিতৰণ কৰা হয় ।

গোৱালপাৰাত লক্ষীপুৰ শিক্ষাখণ্ডৰ উদ্যোগত দিব্যাংগ শিশুৰ মাজত সহায়ক সঁজুলি বিতৰণ

লক্ষীপুৰ প্ৰাথমিক শিক্ষা খণ্ডৰ শিক্ষা বিষয়া দেবানন্দ বড়োৰ সভাপতিত্বত অনুষ্ঠিত সভাত আৰ পি সুজাতা দেৱী, লক্ষীপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা স্বাস্থ্য বিষয়া ডাঃ ৰবি নাথ ৰাভা, ৰাজহ চক্ৰ বিষয়া ৰিপণ জ্যোতি নাথ, বিশিষ্ট সমাজকৰ্মী তথা প্ৰবক্তা বিশ্বাস ক্যাশ্যপ প্ৰমুখ্য়ে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

গোৱালপাৰাত লক্ষীপুৰ শিক্ষাখণ্ডৰ উদ্যোগত দিব্যাংগ শিশুৰ মাজত সহায়ক সঁজুলি বিতৰণ

সভাত এটি শিশু দিব্যাংগ হোৱাৰ কাৰণ সন্দৰ্ভত বক্তব্য আগবঢ়ায় লক্ষীপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা স্বাস্থ্য বিষয়া ডাঃ ৰবি নাথ ৰাভাই । লক্ষীপুৰ ৰাজহ চক্ৰ বিষয়া ৰিপণ জ্যোতি নাথে ভাষণ প্ৰসংগত কয় যে দিব্যাংগ শিশুক সহায়ক সঁজুলি আৰু অন্যান্য সা-সুবিধা প্ৰদান কৰি তেওঁলোকক মূলসুঁতিলৈ অনাৰ বাবে চৰকাৰে যি পদক্ষেপ গ্ৰহণ কৰিছে সেয়া প্ৰশংসনীয় ।

আনহাতে, দিব্যাংগ শিশুসকলক চৰকাৰে সহায়ক সঁজুলি প্ৰদান কৰাত তেওঁলোকৰ যথেষ্ট উপকাৰ হৈছে বুলি অভিভাৱকসকলে মত প্ৰকাশ কৰে ।

লগতে পঢ়ক:হোজাইত মৌলানাৰ দ্বাৰা ৰাজপথত প্ৰহৃত দুই যুৱতী, ভিডিঅ' ভাইৰেল

ABOUT THE AUTHOR

...view details