গোৱালপাৰা , 01 এপ্ৰিল : গোৱালপাৰা জিলাৰ জলেশ্বৰ বিধানসভা সমষ্টিৰ অধীনস্থ এটা বিধ্বস্ত পথ ৷ গড়কাপ্টানী বিভাগ আৰু স্থানীয় জনপ্ৰতিনিধিৰ পথছোৱাৰ উন্নয়নত তিল মানো সদিচ্ছা নথকাৰ অভিযোগ ৷
গোৱালপাৰাৰ এটা বিধ্বস্ত পথ : গড়কাপ্টানী বিভাগৰ গুৰুত্বহীনতা ! - গড়কাপ্টানী বিভাগ
বাৰিষাৰ আগমনৰ প্ৰথম অৱস্থাতে গোৱালপাৰা এই পথটোৰ বাবে পথচাৰীৰ জ্বলা কলা ৷

গোৱালপাৰা জিলাৰ অন্তৰ্গত লক্ষীপুৰৰ পৰা হাসডোবা হৈ খলিচাভিটা লৈ যোৱা জৰাজীৰ্ণ পথটোৰ বাবে সাধাৰণ ৰাইজে জ্বলা-কলা খাবলগীয়া হৈছে ৷ পথটোৰ লক্ষীপুৰৰ পৰা ধুমেৰঘাটলৈকে প্ৰায় 15 কিলোমিটাৰ সম্পূৰ্ণ বিধ্বস্ত ৷ মেৰামতিৰ অভাৱত পথটোত পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হৈছে বুলি জনাই স্থানীয় ৰাইজে ৷ যাৰ ফলত আজি বিধ্বস্ত পথটোত এখনৰ পিছত এখন বাহন আবদ্ধ হ'ব লগীয়া হয় ৷ স্থানীয় ৰাইজে এই বিধ্বস্ত পথৰ সন্দৰ্ভত স্থানীয় জনপ্ৰতিনিধি তথা গোৱালপাৰা জিলা গড়কাপ্টানী বিভাগক বাৰম্বাৰ জনোৱা পাচতো গোৱালপাৰা জিলা গড়কাপ্টানী বিভাগে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ ৷