গোৱালপাৰা, ৯ জানুৱাৰী :শেহতীয়াভাৱে চৰ্চাত আছে গোৱালপাৰা । গোৱালপাৰাত ৰবৰ বাগানত উচ্ছেদ আৰু গোৱালপাৰাৰা প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ ওপৰত মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পিছত এক বিপৰীত ছবিহে প্ৰকাশ পাইছে । তাকো খোদ বন বিভাগৰ দুষ্কাৰ্যৰ । শাল, চেগুণ গছৰ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ হৈছে গোৱালপাৰা ।
কিন্তু প্ৰকৃতি ধ্বংসযজ্ঞত নামিছে খোদ সাংমণ্ডলিক বন বিষয়া (Divisional Forest Officer, DFO) । লগতে তেওঁক সংগ দিছে তেওঁৰ সহযোগী বন বিষয়াসকলে । এক কথাত ক'বলৈ গ'লে গোৱালপাৰা বন বিভাগ এতিয়া বন দস্যুৰ দখলত । বন ৰক্ষকৰ দায়িত্বত থকা খোদ DFO, আঞ্চলিক বন বিষয়াই (Ranger) বৰ্তমান বনদস্যুৰ পকেটত । বন বিষয়াই চোৰাংকাঠ ব্যৱসায়ীৰ সৈতে মিলি কেনেদৰে ধনৰ অংক কৰিছে তাৰ তথ্য পৰিছে আমাৰ প্ৰতিনিধিৰ হাতত (DFO and Ranger of Goalpara destructed forest) ।
উল্লেখ্য, গোৱালপাৰা জিলা হৈছে অসমৰ ভিতৰত প্ৰাকৃতিক শাল আৰু চেগুণ গছেৰে সমৃদ্ধ এখন জিলা । আনহাতে, প্ৰাকৃতিক সৌন্দৰ্যৰ ক্ষেত্ৰতো কোনোগুণে পিছপৰা নহয় গোৱালপাৰা । এই প্ৰাকৃতিক সৌন্দৰ্যত ৰহণ চৰাইছে শাৰী শাৰী শাল আৰু চেগুণ গছবোৰে (Goalpara DFO alleged destructed forest) ।
কিন্তু এই প্ৰাকৃতিক শাল, চেগুণ গছতে এতিয়া শেনচকু বনদস্যুৰ । আৰু তাত হাত উজান দিছে খোদ DFO,বন বিষয়াই । চোৰাংকাঠৰ ব্যৱসায়ীৰ টকাৰ অংকত মচগুল লক্ষীপুৰ আঞ্চলিক বন বিষয়া ধ্ৰুৱ দত্ত (timber smuggling in Goalpara) । একাংশ অসাধু ব্যৱসায়ীৰ সৈতে মিলি লক্ষীপুৰৰ বনাঞ্চল ধ্বংসৰ অঘোষিত প্ৰতিযোগিতাত নামি পৰিছে লক্ষীপুৰ আঞ্চলিক বন বিষয়া ধ্ৰুৱ দত্ত (ranger alleged to forest destruction in Goalpara) ।