গোৱালপাৰা, 19 জানুৱাৰী:গোৱালপাৰাৰ আগিয়াৰ গাৰো জনজাতিৰ বসতিপ্ৰধান বকডো গাঁৱত জিঞ্জিৰাম নৈত গঢ়ি উঠা মাছৰ নিৰাপদ আশ্ৰয়স্থলৰ কথা ইতিমধ্যে ইটিভি ভাৰতত সবিস্তাৰে প্ৰকাশ পাইছে ৷ পৰ্যটনৰ অন্যতম থলী হিচাপে পৰিগণিত হোৱা বকডো গাঁৱক টনকিয়াল কৰিছে ৷ এই গ্ৰাম্য পৰ্যটনক টনকিয়াল কৰাত সহায়ৰ হাত আগবঢ়োৱাৰ উদ্দেশ্যৰে জাপান চৰকাৰৰ এটি সাতজনীয়া প্ৰতিনিধি দল আগিয়াত উপস্থিত হৈছে ।
জাপান ইণ্টাৰনেচনেল কৰ্প'ৰেচন এজেন্সী চমুকৈ 'জাইকা'ৰ প্ৰতিনিধি দলটোৱে শুকুৰবাৰে পুৱা এঘাৰ বজাত ৰাজ্যিক আৰু জিলা মীন উন্নয়ন বিভাগৰ একাংশ বিষয়া-কৰ্মচাৰীৰ সৈতে বকডোত উপস্থিত হৈ একে স্থানতে থুপ খাই থকা মাছবোৰ দেখি অভিভূত হৈ পৰে । নৈখনৰ সেই স্থান পৰ্যৱেশন কৰি প্ৰতিনিধি দলটোৱে বকডো গাঁওবাসী আৰু স্থানীয় যুৱ সংঘৰ সৈতে আলোচনাত মিলিত হয় । ইয়াৰ পূৰ্বে সাতজনীয়া প্ৰতিনিধি দলটোক গাৰো জনজাতিৰ পৰম্পৰাগত সাজপাৰেৰে স্থানীয় ৰাইজে সাদৰ-সম্ভাষণ জনায় ।
জিঞ্জিৰাম নদীত মাছ সংৰক্ষণৰ ওপৰত ভিত্তি কৰি কেতিয়া আৰু কেনেকৈ বকডো গাঁৱক গ্ৰাম্য পৰ্যটনৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ গাঁওবাসীয়ে যাৱতীয় কাৰ্যব্যৱস্থা হাতত লৈছিল তাৰ চমু বিৱৰণ দাঙি ধৰে আগিয়া মহাবিদ্যালয়ৰ অধ্যাপিকা অনিমা মাৰাক আৰু বকডো যুৱ সংঘৰ প্ৰতিনিধিয়ে । জাইকাৰ প্ৰতিনিধি দলটোৱে বকডো গাঁৱৰ আৰ্থ-সামাজিক দিশৰ লগতে পৰম্পৰাগত সংস্কৃতি, থলুৱা খাদ্য সম্ভাৰ আদিকে ধৰি উৰপদ বিলৰ পক্ষীৰ বিচৰণ স্থলী তথা দাঁতি-কাষৰীয়া অঞ্চলৰো পৰ্যটনৰ দিশত পুংখানুপুংখভাৱে তথ্য সংগ্ৰহ কৰা পৰিলক্ষিত হৈছে ।
জানিব পৰা মতে মাছৰ ওপৰত ভিত্তি কৰি আগিয়াৰ বকডোত গঢ়ি উঠা গ্ৰাম্য পৰ্যটনক জাপান ইণ্টাৰনেচনেল কৰ্প'ৰেচন এজেন্সীয়ে সহায়ৰ হাত আগবঢ়োৱাৰ উদ্দেশ্য গ্ৰহণ কৰিছে ৷ সেয়ে প্ৰতিনিধি দলটোৱে বকডো গাঁৱৰ সকলো দিশ পুংখানুপুংখভাৱে পৰ্যৱেক্ষণ কৰি তথ্য সংগ্ৰহ কৰিছে । প্ৰতিনিধি দলটো সন্তুষ্ট হ’লে বকডো গাঁৱে পৰ্যটকক আকৰ্ষিত কৰিবলৈ বিশেষভাৱে সহায় লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে ।
উল্লেখযোগ্য যে, আগিয়া চকৰ পৰা প্ৰায় এক কিলোমিটাৰ দূৰত্বত অৱস্থিত গাৰো জনজাতীয় লোকৰ বসতি প্ৰধান এই বকডো গাঁও । জিঞ্জিৰাম নৈৰ দুয়োপাৰে জনবসতি থকা গাঁওখন সংলগ্ন কৰাৰ বাবে পূৰ্বে আছিল এখন কাঠৰ দলং । দীৰ্ঘদিন মেৰামতিৰ অভাৱত থৰক-বৰক হৈ পৰা কাঠৰ দলংখন এসময়ত ভাগি যায় । দলংখন পুনৰ নিৰ্মাণ কৰি ৰাইজৰ সমস্যা দূৰ কৰিবলৈ বিভিন্ন পক্ষক বাৰম্বাৰ দাবী জনোৱা হৈছিল যদিও কোনো কামত নাহিল । অৱশেষত গাঁৱৰ ৰাইজে দান বৰঙণিৰে বাঁহৰ সাঁকো সাজি লয় ।