অসম

assam

ETV Bharat / state

গোৱালপাৰাৰ হুলুকান্দা পাহাৰত ভয়ংকৰ ভূমিস্খলন - গোৱালপাৰাৰ হুলুকান্দা পাহাৰত ভয়ংকৰ ভূমিস্খলন

গোৱালপাৰা চহৰৰ হুলুকান্দা পাহাৰত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হয় (Landslide in Goalpara)। পাহাৰৰ পৰা মাটি খহি পৰি কেইবাটাও পৰিয়ালৰ বাসগৃহৰ ক্ষতিসাধন হোৱা বুলি জানিব পৰা গৈছে । ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক নিৰাপদ স্থানলৈ স্থানান্তৰৰ ব্যৱস্থা কৰে প্ৰশাসনে ।

Landslide
গোৱালপাৰাৰ হুলুকান্দা পাহাৰত ভয়ংকৰ ভূমিস্থলন

By

Published : Jun 17, 2022, 8:17 PM IST

গোৱালপাৰা,১৭ জুন :ৰাজ্যত বানপানী আৰু ভূমিস্খলনে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে (Flood and landslide in Assam)। শেহতীয়াকৈ গোৱালপাৰাত ভূমিস্খলনত ২ গৰাকীকৈ লোকৰ মৃত্যু হৈছে । এতিয়াও জিলাখনৰ কেইবাটাও স্থানত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈ আছে ।

শুকুৰবাৰে পুনৰ গোৱালপাৰা চহৰৰ হুলুকান্দা পাহাৰত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হয় (Landslide in Goalpara)। মুষলধাৰ বৰষুণৰ ফলত খহি পৰে হুলুকান্দা পাহাৰৰ মাটি । পাহাৰৰ পৰা মাটি খহি পৰি কেইবাটাও পৰিয়ালৰ বাসগৃহৰ ক্ষতিসাধন হোৱা বুলি জানিব পৰা গৈছে । অৱশ্যে কোনো লোক হতাহত হোৱা নাই যদিও ভূমিস্খলনৰ ফলত পৰিয়ালকেইটাৰ বহু সা-সম্পদ নষ্ট হয় ।

গোৱালপাৰাৰ হুলুকান্দা পাহাৰত ভয়ংকৰ ভূমিস্খলন

ইফালে বিগত কিছু দিনৰ পৰা হুলুকান্দা পাহাৰত কেইবাটাও স্থানত ভূমিস্খলনৰ ঘটনা সংগঠিত হৈছে । শুকুৰবাৰে ভূমিস্খলন হোৱাৰ পাছতে জিলা প্ৰশাসনৰ লোকসকল সেই স্থানত উপস্থিত হয় । দুৰ্যোগ প্ৰশমন বিভাগ লগতে প্ৰশাসনৰ শীৰ্ষ বিষয়া উপস্থিত হৈ ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক নিৰাপদ স্থানলৈ স্থানান্তৰৰ ব্যৱস্থা কৰে । ইফালে অঞ্চলটোৰ বাকী লোকসকলক সতৰ্ক কৰি দিয়াৰ লগতে নিৰাপদ স্থান অথবা আশ্ৰয় শিবিৰলৈ যোৱাৰ বাবে প্ৰশাসনে আহ্বান জনায় ।

লগতে পঢ়ক :Flood situation of Assam : ৰাজ্যত বছৰৰ দ্বিতীয়টো বানে লৈছে ভয়ংকৰ ৰূপ

ABOUT THE AUTHOR

...view details