গোৱালপাৰা , 4 অক্টোবৰঃ গোৱালপাৰা জিলাৰ নৱাগত শিমলীতলাত বৃহস্পতিবাৰে পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হয় এটা মৃতদেহ ৷ উদ্ধাৰ হোৱা মৃতদেহটো ইয়াৰ আলী নামৰ এজন লোকৰ বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে, লোকজন মঙলবাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল ৷ কানকাটা গাঁৱৰ ইয়াৰ আলী (75) নামৰ লোকজনে মঙলবাৰে ঘৰৰ পৰা নৱাগত শিমলীতোলা বজাৰত বজাৰ কৰিবলৈ বুলি ওলাই যোৱাৰ পাছৰে পৰা নিৰুদ্দেশ হৈ আছিল ৷ শিমলীতোলা গাঁৱৰে বাবুল আলী নামৰ লোকজনৰ ঘৰৰ পুখুৰীত উদ্ধাৰ হয় লোকজনৰ মৃতদেহ ৷ স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়াৰ পাছতে আৰক্ষীয়ে উদ্ধাৰ কৰে মৃতদেহটো ৷
গোৱালপাৰা জিলাত উদ্ধাৰ নিৰুদ্দেশ ব্যক্তিৰ মৃতদেহ - ইয়াৰ আলী (75)
মঙলবাৰৰ পৰা নিৰুদ্দেশ হৈ থকা এজন ব্যক্তিৰ মৃতদেহ পুখুৰীত ওপঙি থকা অৱস্থাত উদ্ধাৰ ৷ ইয়াৰ আলী (75) নামৰ লোকজনে স্থানীয় বজাৰত বজাৰ কৰিবলৈ যোৱাৰ পাছতে নিৰুদ্দেশ হৈছিল ৷
![গোৱালপাৰা জিলাত উদ্ধাৰ নিৰুদ্দেশ ব্যক্তিৰ মৃতদেহ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4644030-thumbnail-3x2-deadbody.jpg)
পুখুৰীত উদ্ধাৰ নিৰুদ্দেশ হৈ থকা ব্যক্তিৰ মৃতদেহ
পুখুৰীত উদ্ধাৰ নিৰুদ্দেশ হৈ থকা ব্যক্তিৰ মৃতদেহ