অসম

assam

ETV Bharat / state

গোৱালপাৰাৰ ৰংজুলিত ভয়ংকৰ পথ-দুৰ্ঘটনা: নিহত 2

গোৱালপাৰাৰ ৰংজুলিত ভয়ংকৰ পথ-দুৰ্ঘটনা ৷

Dangerous road accident at Goalpara
গোৱালপাৰাৰ ৰংজুলিত ভয়ঙ্কৰ পথ-দুৰ্ঘটনা: নিহত 2

By

Published : Jan 24, 2020, 3:17 PM IST

Updated : Jan 24, 2020, 3:47 PM IST

গোৱালপাৰা,24 জানুৱাৰী : গোৱালপাৰাৰ ৰংজুলিত ভয়ংকৰ পথ-দুৰ্ঘটনা ৷ গোৱালপাৰা জলেশ্বৰৰ উৰুছৰ পৰা নগাঁও অভিমুখী AS-02BC-9954 নম্বৰৰ এখন তীব্ৰ বেগী ট্ৰেভেলাৰে নিয়ন্ত্ৰণ হেৰুৱাই কঁঠাল গছত খুন্দা মৰাৰ ফলতেই সংঘটিত হয় দুৰ্ঘটনাটো ৷ দুৰ্ঘটনাত থিতাতে চালকসহ নিহত আন এজন লোক, আনহাতে গুৰুতৰ ভাৱে আহত প্ৰায় ৩০ জনকৈ লোক ৷ নিহত ব্যক্তি দুজন নগাঁওৰ জুৰিয়া থানাৰ অন্তৰ্গত ভাকুলি পথাৰৰ হবিবুৰ ৰহমান আৰু শিয়ালমাৰীৰ মতিউৰ ৰহমান বুলি জানিব পৰা গৈছে ৷

গোৱালপাৰাৰ ৰংজুলিত ভয়ংকৰ পথ-দুৰ্ঘটনা: নিহত 2

ঘটনা অনুসৰি শুকুৰবাৰে পুৱতি নিশা ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা ৷ ৰংগজুলি ৰাজহুৱা শ্মশানৰ সমীপত সংঘটিত হোৱা এই দুৰ্ঘটনাত চূৰ্ণ-বিচূৰ্ণ হৈ পৰে যাত্ৰীবাহী ট্ৰেভেলাৰ খন ৷ আহত কেইজনক ততাতৈয়াকৈ ৰংজুলিৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও কেইজনৰ অৱস্থা অতি সংকটজনক হোৱাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷

লগতে পঢ়ক: গণতন্ত্ৰ দিৱসৰ প্ৰাকমুহূৰ্তত জাগুনত সষ্টম হৈ পৰিছে আৰক্ষীৰ প্ৰশাসনৰ লোক

Last Updated : Jan 24, 2020, 3:47 PM IST

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details