গোৱালপাৰা,২৫ অক্টোবৰ :দীপাৱলীৰ নিশা দুধনৈ আৰক্ষীৰ বৃহৎ সফলতা । আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ তিনিটাকৈ দুৰ্ধৰ্ষ ডকাইত ৷ দুধনৈ আৰক্ষীয়ে অভিযান চলাই গুৱাহাটীৰ শৰাইঘাট দলঙৰ পৰা কৰায়ত্ত কৰিবলৈ সক্ষম হয় দুৰ্ধৰ্ষ ডকাইতকেইটাক ৷ ধৃত দুৰ্ধৰ্ষ ডকাইতকেইটা ক্ৰমে বকোৰ বৰুৱাপথাৰৰ আজিজুদ্দিন আহমেদ, কৃষ্ণাই আশুডুবীৰ মহিদুল আলী আৰু বৰপেটাৰ ৰাজিবুল হক (Dudhnoi police arrests 3 dacoits) ৷
দুধনৈৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত যোৱা ১৮ অক্টোবৰত সংঘটিত হৈছিল চাঞ্চল্যকৰ ডকাইতিকাণ্ড (Dudhnoi dacoity case)৷ দুধনৈৰ লেলাত ৰাষ্ট্ৰীয় ঘাইপথত ডকাইতৰ দলে নিশা প্ৰায় ১০.৩০ মান বজাত বাহনসহ লুট কৰি নিছিল ১৯ লাখ ৫০ হাজাৰ টকা ৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে গুৱাহাটীৰ পৰা লক্ষীপুৰলৈ গৈ থকা এজন ব্যৱসায়ীৰ বাহনখনক একে দিশৰ পৰা এখন বগা ৰঙৰ বাহনত অহা ডকাইতৰ দলে আগচি ধৰিছিল ৷ তাৰ পাছতে চালকসহ ব্যৱসায়ীজনক নিজৰ বাহনৰ পৰা নমাই ডকাইতৰ দলটোৰ বাহনত উঠাই লয় ।
কিছুদূৰ গৈ চালকসহ ব্যৱসায়ীজনক বাহনৰ পৰা নমাই দি টকাসহ ব্যৱসায়ীজনৰ বাহনখন লৈ উধাও হয় ডকাইতৰ দলটো ৷ পৰৱৰ্তী পৰ্যায়ত ভুক্তভোগী ব্যৱসায়ীজনে ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰে । যোৱা দুটা দিন ধৰি অভিযান চলোৱাৰ অন্তত দুধনৈ আৰক্ষীয়ে গোপন সূত্ৰৰ খবৰৰ ভিত্তিত গুৱাহাটীৰ শৰাইঘাট দলঙৰ পৰা আটক কৰিবলৈ সক্ষম হয় ডকাইত কেইটাক (Dacoit arrested in Saraighat Bridge)৷ অৱশ্যে আন কেইবাটাও ডকাইত পলাই যাবলৈ সক্ষম হয় ৷