গোৱালপাৰা, ১৪ ছেপ্টেম্বৰ : মঙলবাৰে গো-সুৰক্ষা বিধেয়ক আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰোধিতাৰ প্ৰতিবাদত নামিল বাওঁপন্থী দল । ৰাজ্যৰ আন আন প্ৰান্তৰ সমান্তৰালকৈ গোৱালপাৰাতো চিপিআইএমৰ কৰ্মকৰ্তাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কৰে দলটোৰ নেতা-কৰ্মীয়ে । তেওঁলোকে অভিযোগ উত্থাপন কৰে যে, গো-সুৰক্ষা বিধেয়কে অসমত সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি কৰিব ।
গোৱালপাৰাত CPIM-ৰ উত্তাল প্ৰতিবাদ - উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন
গো-সুৰক্ষা বিধেয়কৰ বিৰোধিতাৰে গোৱালপাৰাত CPIM-ৰ প্ৰতিবাদ । উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে দলটোৰ কৰ্মকৰ্তাই । গো-সুৰক্ষা বিধেয়কে অসমত সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি কৰিব বুলি অভিযোগ তুলি শাসকীয় দল বিজেপি সমালোচনা কৰে ।
গো-পালকসকলৰ জীৱন-জীৱিকা নিৰ্বাহৰ ক্ষেত্ৰতো এই বিধেয়কখনে বিৰূপ প্ৰভাৱ পেলাব বুলি দলটোৰ নেতৃত্বই মন্তব্য কৰে । 'গো-সুৰক্ষা বিধেয়ক বাতিল কৰক', 'বিজেপি চৰকাৰ হায় হায়' আদি শ্ল'গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে চিপিআইএমৰ কৰ্মকৰ্তাসকলে । বিজেপি চৰকাৰৰ এই গো-সুৰক্ষা বিধেয়কে অসমত যথেষ্ট প্ৰভাৱ পেলোৱাৰ আশংকা ব্যক্ত কৰে চিপিআইএম দলৰ সভাপতি ননী দাসে ।
উল্লেখ্য যে, গো-সুৰক্ষা বিধেয়ক বিধানসভাৰ অধিৱেশনত উত্থাপন কৰাৰ পিছতে ৰাজ্যজুৰি প্ৰতিবাদৰ জোৱাৰ উঠে । বিৰোধী দলৰ লগতে বিভিন্ন সংগঠনে শাসকীয় দলৰ এই আইনখনৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰে ।
লগতে পঢ়ক:কা' আইন বাতিলৰ দাবীত তিনিচুকীয়াত এজেপিৰ প্ৰতিবাদ