গোৱালপাৰা, 4 মে:ৰেচনৰ চাউল বিতৰণৰ নামত গোৱালপাৰাত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ একাংশ হিতাধিকাৰীৰ ৷ জিলাখনৰ লক্ষীপুৰৰ দদান সমবায় সমিতিৰ সুলভ মূল্যৰ দোকানীসকলে দীৰ্ঘ দিনৰ পৰা গ্ৰাহকৰ পৰা জনমূৰি আঢ়ৈ শ গ্ৰামকৈ চাউল কাটি ৰখাৰ অভিযোগ কৰিছে হিতাধিকাৰীয়ে ৷ লগতে চৰকাৰে দিয়া বিনামূলীয়া চাউলৰো এজেন্ট সকলে ধন আদায় লোৱা বুলি জনাই হিতাধিকাৰীয়ে ।
চাউল বিতৰণত দুৰ্নীতিৰ অভিযোগ সুলভ মূল্যৰ ব্যৱসায়ীৰ বিৰুদ্ধে - গোৱালপাৰাত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ একাংশ হিতাধিকাৰীৰ
জিলাখনৰ লক্ষীপুৰৰ দদান সমবায় সমিতিৰ সূলভ মূল্যৰ দোকানীসকলে দীৰ্ঘ দিনৰ পৰা গ্ৰাহকৰ পৰা জনমূৰি আঢ়ৈ শ গ্ৰামকৈ চাউল কাটি ৰখাৰ অভিযোগ কৰিছে হিতাধিকাৰীয়ে ৷
হিতাধিকাৰীৰ চাউলক লৈ দুৰ্নীতি একাংশ সুলভ মূল্যৰ দোকানীৰ
ফলস্বৰূপে সমগ্ৰ অঞ্চলৰ গ্ৰাহকৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । আনহাতে, এনেদৰে চাউল কাটি ৰখাৰ কথা ইতিমধ্যে একাংশ এজেন্টে সংবাদ মাধ্যমৰ সন্মুখতো স্বীকাৰ কৰিছে । ফলত ক্ষুদ্ধ ৰাইজে সামাজিক দূৰত্ব বজাই ৰাখি এনেদৰে ৰাজপথলৈ ওলাই আহি উচিত তদন্তৰ দাবী জনাইছে ।