অসম

assam

ETV Bharat / state

গোৱালপাৰাত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আবণ্টনৰ নামত লুণ্ঠন

বঞ্চিত দৰিদ্ৰ হিতাধিকাৰীৰ ক্ষোভৰ বহিঃপ্ৰকাশ

গৃহ আবণ্টনৰ নামত লুণ্ঠন পঞ্চায়ত প্ৰতিনিধিৰ

By

Published : Mar 27, 2019, 4:55 PM IST

গোৱালপাৰা, 27 মাৰ্চ : গোৱালপাৰাৰ জলেশ্বৰ বিধান সভা সমষ্টিৰ অধীনস্থ গোসাঁইডুবি গাঁও পঞ্চায়তত চূড়ান্ত অৰাজকতা । প্ৰধানমন্ত্ৰী আৱাস বিকাশ যোজনাৰ অধীনত গৃহ দিয়াৰ নামত হাজাৰ হাজাৰ টকাৰ উৎকোচৰ অভিযোগ পঞ্চায়ত সচিব সহ প্ৰতিনিধিৰ বিৰুদ্ধে । পঞ্চায়ত সচিব ছাহানুৰ জামাল আজাদে পঞ্চায়তৰ সদস্য আৰু জি আৰ এচৰ জৰিয়তে আৱাস গৃহ আবণ্টনৰ নামত একোগৰাকী হিতাধিকাৰীৰ পৰা দুইৰ পৰা পাঁচ হাজাৰ টকা পৰ্যন্ত সংগ্ৰহ কৰি অহাৰ অভিযোগ বঞ্চিত হিতাধিকাৰীৰ ৷ ইপিনে ধন আদায় দিব নোৱাৰিলে হিতাধিকাৰীয়ে লাভ নকৰে চৰকাৰী ঘৰ ৷

গৃহ আবণ্টনৰ নামত লুণ্ঠন পঞ্চায়ত প্ৰতিনিধিৰ

পঞ্চায়ত সচিবৰ এই দুৰ্নীতিৰ বিৰুদ্ধে বুধবাৰে ওলাই আহিল ক্ষোভত ফাটি পৰা বঞ্চিত হিতাধিকাৰীসকল ৷ পঞ্চায়ত সচিবৰ কাৰ্যালয় ঘেৰাও কৰি প্ৰকাৰ জবাব দিহি কৰিলে সচিব ছাহানুৰ জামাল আজাদক ৷

ABOUT THE AUTHOR

...view details