গোৱালপাৰা, 7 জুন : গোৱালপাৰা জিলাৰ বন সংমণ্ডল বিষয়া জিতেন্দ্ৰ কুমাৰক নিলম্বন কৰা হৈছে । বহু বিতৰ্কিত বন বিষয়া জিতেন্দ্ৰ কুমাৰৰ নিলম্বনৰ খবৰে গোৱালপাৰাবাসীক উৎফুল্লিত কৰি তুলিছে (DFO Jitendra Kumar suspended from Goalpara) । উল্লেখ্য যে, গোৱালপাৰা জিলাত যোগদান কৰাৰ পিচদিনৰ পৰাই একাংশ বনদস্যুৰ সৈতে মিলি গোৱালপাৰা জিলাৰ বনজ সম্পদ সমূহ চোৰাং বালি মাফিয়া, চোৰাং কাঠ বেপাৰীক একপ্ৰকাৰে হাতৰ মুঠিত তুলি দিয়া বুলি জিতেন্দ্ৰ কুমাৰৰ বিৰুদ্ধে উত্থাপন হৈ আহিছিল । চোৰাং বালি মাফিয়া, কাঠ বেপাৰীৰৰ পৰা সংগ্ৰহ কৰিছিল কোটি কোটি টকা ।
কেৱল এয়াই নহয় ৰঙা মাটিৰ নামত ব্যৱসায় কৰা একাংশ ৰঙা মাটি ব্যৱসায়ীক গোৱালপাৰা জিলাৰ ঐতিহ্য ধৰি ৰখা পাহাৰসমূহো গতাই দিয়াৰ অভিযোগ উঠিছিল বিন বিষয়াগৰাকীৰ বিৰুদ্ধে । গোৱালপাৰাবাসী ৰাইজৰ এই সমূহ অভিযোগ আছিল দীৰ্ঘদিনীয়া । যি সময়ত ৰাজ্যৰ প্ৰতিটো বনবিভাগৰ কাৰ্যালয়ত ডাঙৰ ডাঙৰ আখৰেৰে লিখা থাকে 'গছ থাকিলেহে মানুহ থাকিব'এই বাক্যশাৰীৰ সম্পূৰ্ণ বিপৰীতে গৈ একাংশ বনদস্যুৰ লগত মিলি গছ-গছনি সমূহ ধ্বংস কৰাত নামি পৰিছিল খোদ নিলম্বিত বন সংমণ্ডল বিষয়া জিতেন্দ্ৰ কুমাৰে (Controversial DFO Jitendra Kumar) ।