গোৱালপাৰা,7 অক্টোবৰ: উত্তৰ প্ৰদেশৰ হাথৰছত গণধৰ্ষণৰ বলি হোৱা মণিষা বাল্মিকী আৰু তেওঁৰ দুৰ্ভগীয়া পৰিয়ালৰ ন্যায়ৰ দাবীৰে বুধবাৰে গোৱালপাৰা জিলা কংগ্ৰেছৰ মৌনতা সত্যাগ্ৰহ পালন । চহৰৰ বিঅ’চিত জিলা কংগ্ৰেছৰ শতাধিক নেতা-কৰ্মীৰ লগতে গোৱালপাৰাৰ পূৱ সমষ্টিৰ বিধায়ক এ কে ৰচিদ আলমো এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে ।
হাথৰছ কাণ্ডৰ ধৰ্ষিতাৰ ন্যায়ৰ দাবীৰে কংগ্ৰেছৰ মৌনতা সত্যাগ্ৰহ - Hathras rape case
বুধবাৰে গোৱালপাৰা জিলা কংগ্ৰেছৰ মৌনতা সত্যাগ্ৰহ পালন। উত্তৰ প্ৰদেশৰ হাথৰছত গণধৰ্ষণৰ বলি হোৱা মণিষা বাল্মিকী আৰু তেওঁৰ দুৰ্ভগীয়া পৰিয়ালৰ ন্যায়ৰ দাবীৰে জিলা কংগ্ৰেছৰ শতাধিক নেতা-কৰ্মীৰ লগতে বিধায়ক এ কে ৰচিদ আলমে এই প্ৰতিবাদ সাব্যস্ত কৰে ৷
হাথৰছ কাণ্ডৰ ধৰ্ষিতাৰ ন্যায়ৰ দাবীৰে কংগ্ৰেছৰ মৌনতা সত্যাগ্ৰহ
প্ৰতিবাদকাৰীসকলে হাতে হাতে প্লে-কাৰ্ড লৈ মৌনতা অৱলম্বন কৰাৰ লগতে দুৰ্ভগীয়া পৰিয়ালটোৱে ন্যায় নোপোৱালৈকে কংগ্ৰেছে প্ৰতিবাদী কাৰ্যসূচী অব্যাহত থাকিব বুলি বিধায়ক গৰাকীয়ে এই কথা উল্লেখ কৰে ৷