এইবাৰ হু ইজ ভূপেন বৰা বিতৰ্ক গোৱালপাৰা, 10 অক্টোবৰ: গোৱালপাৰা জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী আৰু মাটিয়া ব্লক কংগ্ৰেছ সভাপতিক নিলম্বনৰ পিচতে স্থানীয় বিধায়ক এ কে ৰছিদ আলমে মঙলবাৰে এখন সংবাদমেলৰ আয়োজন কৰে । কিছমৎপুৰস্থিত তেওঁৰ নিজা বাসগৃহত আয়োজন কৰা সংবাদ মেলত তেওঁ কয় যে বৈদ্যুতিন মাধ্যমৰ প্ৰচাৰিত বাতৰিত সাংবাদিকে এ পি চি চিৰ সভাপতিক কোৱাৰ দৰে ‘‘হু ইজ ভূপেন বৰা’’ বুলি তেওঁ কোৱা নাই । যিসকল সাংবাদিকে ভি ডি অ' গ্ৰহণ কৰিছিল তেওঁলোকেই ইয়াৰ প্ৰমাণ । যদি মই হু ইজ ভূপেন বৰা বুলি কোৱাৰ প্ৰমাণ দিব পাৰে, তেন্তে মই এই মুহূৰ্ততে বিধায়ক পদ এৰিম’’ বুলি তেওঁ প্ৰত্যাহ্বানো জনায় ।
‘‘একাংশ বৈদ্যুতিন সংবাদ মাধ্যমে মোৰ বিৰুদ্ধে মনে সজা আৰু ভিত্তিহীন বাতৰি পৰিবেশন কৰিছে । মই কেতিয়াও হু ইজ ভূপেন বৰা বুলি সাংবাদিকক কোৱা নাই । একাংশ সংবাদ মাধ্যমে বৰ্তমান অসমৰ পৰিস্থিতিক তল পেলাবলৈ মিছা অপপ্ৰচাৰ কৰি আছে ।’’ কংগ্ৰেছ নেতাগৰাকীয়ে কয় ৷
উল্লেখ্য যে, যি কেইগৰাকী বৈদ্যুতিন মাধ্যমৰ সাংবাদিকে অমৃত কলহ যাত্ৰাৰ ভিডিঅ' গ্ৰহণ কৰিছিল আজিৰ সংবাদমেলতো তেওঁলোক উপস্থিত আছিল । কিন্তু বিধায়কে জনোৱা প্ৰত্যাহ্বানৰ কোনো প্ৰতিক্ৰিয়া কৰা পৰিলক্ষিত নহ'ল ।
অৱশ্যে একাংশ সাংবাদিকে অমৃত কলহ যাত্ৰা সন্দৰ্ভত কোনো বিধায়কক এ পি চি চিয়ে কাৰণ দৰ্শোৱাৰ জাননী দিছে নেকি বুলি সোধাত তেওঁ কয় যে ব্যক্তি হিচাপে ভূপেন বৰা বা ৰাণা গোস্বামী সৰ্বোচ্চ নহয় । এ পি চি চিয়েই সৰ্বেসৰ্বা । কিন্তু ভূপেন বৰা এ পি চি চিৰ সভাপতি হিচাপে তেওঁৰ বিশেষ মৰ্যদা আছে আৰু তেওঁ এপিচিচিৰ সৰ্বেসৰ্বা । তেনেদৰে ৰাণা গোস্বামী যেতিয়া কাৰ্যকৰী সভাপতি, গতিকে তেৱোঁ সৰ্বেসৰ্বা ।
ৰছিদ আলমে আৰু কয় যে ভূপেন বৰাৰ নীতিৰ ওপৰত ভিত্তি কৰিয়েই সমগ্ৰ ভাৰত বৰ্ষত বিৰোধী দল একগোট হৈ 'ইণ্ডিয়া' মিত্ৰজোঁট গঠন হৈছে । তেওঁৰ সবল নেতৃত্বত অসমত আজি কংগ্ৰেছ শক্তিশালী হৈছে । এ পি চি চিৰ সভাপতি হিচাপে ভূপেন বৰাই যি সিদ্ধান্ত লয় তাক সকলোৱে পালন কৰে বুলি তেওঁ উনুকিয়ায় । অহা ২০২৪ ৰ লোকসভা নিৰ্বাচনত ভূপেন বৰাৰ নেতৃত্বত অসমে বহুকেইজন সাংসদ দিল্লীলৈ পঠিয়াবলৈ সক্ষম হ'ব বুলি বিধাক আলমে মন্তব্য কৰে ।
বৈদ্যুতিন মাধ্যমৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক তথা সম্পাদকক উদ্দেশ্য কৰিও তেওঁ মন্তব্য কৰা দেখা যায় । এগৰাকী জ্যেষ্ঠ, অভিজ্ঞ সাংবাদিক, সম্পাদক হৈ কংগ্ৰেছৰ বিধায়কসলক সাপৰ লগত তুলনা কৰাত বিধায়ক আলমে প্ৰতিক্ৰিয়া কৰি তেওঁক নিজৰ মন্তব্য উঠাই ল'বলৈ আহ্বান জনায় ।
সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত অমৃত কলহ যাত্ৰাক তেওঁ ব্যক্তিগতভাৱে বিৰোধিতা কৰা বুলি উল্লেখ কৰে । চৰকাৰী সকলো কামক বিৰোধী হিচাপে সমৰ্থন নকৰিবও পাৰে বুলি কোৱাৰ লগতে তেওঁ কোনো চৰকাৰী যাত্ৰাত অংশগ্ৰহণ কৰা নাই বুলি সংবাদ মাধ্যমত স্পষ্ট কৰে । অমৃত কলহ যাত্ৰাৰ মেছিনেৰী অৰুণোদয় আঁচনিত ব্যৱহাৰ কৰিলে চৰকাৰ অধিক লাভবান হ'ল হেঁতেন বুলি তেওঁ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ।
ইফালে জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী আৰু মাটিয়া ব্লক কংগ্ৰেছৰ সভাপতিৰ নিলম্বনৰ সন্দৰ্ভত যিখন আদেশপত্ৰৰ ওপৰত ভিত্তি কৰি বাতৰি প্ৰচাৰ হৈ আছে সেই নিলম্বনৰ আদেশপত্ৰখনত চহী কৰা হৈছে যদিও তেওঁ জানিব পৰা মতে আদেশপত্ৰখন বৰ্তমানলৈকে ইছু কৰা হোৱা নাই বুলি সাংবাদ মাধ্যমত সদৰী কৰে । যদি কিবা কাৰণত নিলম্বন কৰা হয়, পিচত নিলম্বন উঠাইয়ো লোৱা যাব পাৰে বুলি আলমে কয় । এই সন্দৰ্ভত ঊৰ্ধ্বতন কৰ্তৃপক্ষই সিদ্ধান্ত ল'ব বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে বিধায়কগৰাকীয়ে ।
লগতে পঢ়ক:Amrit Kalash Yatra controversy: অমৃত কলহ যাত্ৰা কৰা কংগ্ৰেছৰ দুই নেতাক নিলম্বন