অসম

assam

ETV Bharat / state

Controversial statement: জিভা পিচল খোৱাতহে নামঘৰীয়া-সাধুক অপমান কৰিছিল বিধায়ক মোল্লাই; বিচাৰিছে ক্ষমা - 2024 ৰ লোকসভা নিৰ্বাচন

ৰাজ্যৰ ৰাজনীতি বিগত কেইটামান দিনত গৰম হৈ আছে বিশেষ কেতবোৰ মন্তব্যক লৈ ৷ বদৰুদ্দিন আজমলৰ পিচত কংগ্ৰেছ বিধায়ক আফতাবুদ্দিন মোল্লায়ো অপমান কৰিলে হিন্দুক ৷ নামঘৰীয়া আৰু পূজাৰীক ধৰ্ষণকাৰী আখ্যা দি অৱশেষত ক্ষমা খুজিবলৈ বাধ্য হ’ল বিধায়কগৰাকী ৷

MLA Aftabuddin Mulla MLA Aftabuddin Mulla
Controversial statement

By ETV Bharat Assamese Team

Published : Nov 6, 2023, 8:40 PM IST

Updated : Nov 7, 2023, 11:03 PM IST

ক্ষমা বিচাৰিছে বিধায়ক আফতাব উদ্দিন মোল্লাই

গোৱালপাৰা, 6 অক্টোবৰ: সমাগত 2024 ৰ লোকসভা নিৰ্বাচন । নিৰ্বাচনক কেন্দ্ৰ কৰি এতিয়া চলিছে জাত-পাত তথা ঘৃণাৰ ৰাজনীতি । কি কংগ্ৰেছ, কি এ আই ইউ ডি এফ, কি বিজেপি ! প্ৰতিটো দলেই এতিয়া ভোটৰ স্বাৰ্থত বিভিন্ন ধৰণৰ সাম্প্ৰদায়িক মন্তব্য কৰা দেখা গৈছে । কেইদিনমান পূৰ্বে সাংসদ বদৰুদ্দিন আজমলে ‘মুছলমান’ আৰু ‘মিঞা’ সন্দৰ্ভত কৰা দুটা মন্তব্যই ৰাজ্যৰ ৰাজনীতি গৰম কৰি ৰাখিছিল ৷ আজমলৰ পিচত এইবাৰ সাম্প্ৰদায়িক মন্তব্য কৰি জনতাৰ ৰোষত পৰিল জলেশ্বৰৰ বিধায়ক আফতাব উদ্দিন মোল্লা ।

মন্দিৰৰ পূজাৰী আৰু নামঘৰীয়াক অপমান আফতাব উদ্দিন মোল্লাৰ:

জলেশ্বৰৰ এখন দলীয় সভাত স্থানীয় কংগ্ৰেছ বিধায়ক আফতাব উদ্দিন মোল্লাই মন্তব্য কৰিছিল যে য’ত ধৰ্ষণ হয়, তাতেই দেখিব মন্দিৰৰ সাধু নাইবা নামঘৰীয়া ৷ কোনো মুছলমান আলমে এনে কাম নকৰে ৷ যদি কৰিছে তেন্তে প্ৰমাণ দিয়ক ৷ সমাজত যদি ব্যভিচাৰ অথবা বেয়া কাম কৰে, তেন্তে হিন্দু মানুহে কৰে, মুছলমানে নকৰে ৷ এই মন্তব্যৰ দ্বাৰা আফতাব উদ্দিন মোল্লাই নামঘৰীয়া আৰু মন্দিৰৰ সাধুক ধৰ্ষণকাৰী আখ্যা দিয়া দেখা যায় ৷ তাৰ পিচতেই বিষয়টোক লৈ বিতৰ্ক আৰম্ভ হয় ৷

বিজেপিৰ মুখপাত্ৰ সুভাষ দত্তই কয় যে, নামঘৰীয়া সমাজক অপমান কৰা মানে সমগ্ৰ অসমীয়া জাতিটোক অপমান কৰা ৷ হিন্দু আছে বাবেই সুৰক্ষিত হৈ আছে মুছলমান ৷ কংগ্ৰেছৰ দিনত অসমত সৰু-বৰ গোষ্ঠী সংঘৰ্ষ হৈছিল যদিও বৰ্তমান বিজেপিৰ শাসনকালত সেয়া নোহোৱা হৈছে ৷

নিজৰ মুখৰ কথাত বিতৰ্কত সোমায় পৰা আফতাব উদ্দিন মোল্লাই অৱশেষত সোমবাৰে ক্ষমা খুজিবলৈ বাধ্য হয় ৷ মোল্লাই কয় যে, তেওঁৰ সেই বক্তব্য উদ্দেশ্য প্ৰণোদিত নাছিল ৷ জিভা পিচল খোৱাতহে তেওঁ তেনেকৈ কৈছিল ৷ এই মন্তব্যৰ বাবে অনুতপ্ত বুলি উল্লেখ কৰি ক্ষমা বিচাৰে বিধায়ক মোল্লাই ৷

বদৰুদ্দিন আজমলে কি কৈছিল ?

বদৰুদ্দিন আজমলে যোৱা অক্টোবৰ মাহত নগৰবেৰাত মন্তব্য কৰিছিল যে আনৰ ছোৱালী দেখিলে মুছলমানৰ তেজ গৰম হয় ৷ মুছলমান ল’ৰাৰ কাৰণে ৰাস্তাৰে আনৰ ছোৱালী যাব নোৱাৰে ৷ কেৱল সেয়াই নহয়, চুৰি, ডকাইতি, ধৰ্ষণ, লুট-পাতৰ ঘটনাত মুছলমান এক নম্বৰত আছে বুলিও কৈছিল আজমলে ৷

ধুবুৰীৰ সাংসদগৰাকীয়ে ল’ৰাৰ সমান্তৰালকৈ মুছলমান ছোৱালীও বদমাচ বুলি মন্তব্য কৰি কৈছিল যে ল’ৰা দেখিলে মুছলমান ছোৱালীয়ে সুহুৰি বজায় ৷ সেয়া আছিল আজমলৰ প্ৰথমটো বিস্ফোৰক মন্তব্য ৷ ইয়াৰ পিচত পুনৰ ‘মিঞা’ সন্দৰ্ভত আন এক মন্তব্য কৰে আজমলে ৷

‘‘তিনিদিন যদি গুৱাহাটীত মিঞা নাথাকে তেতিয়া হ’লে গুৱাহাটী কবৰস্থান হৈ যায় ৷ আমাৰ ল’ৰা-ছোৱালীয়ে ঘৰ বনোৱা কাম কৰে ৷ পাচলিৱালা, ৰিক্সাৱালা, মাছ বেপাৰী সকলো আমাৰ ল’ৰা-ছোৱালী ৷ তথাপিও মিঞাৰ ভোট নালাগে বুলি কয় মুখ্যমন্ত্ৰীয়ে ৷ দহ বছৰ নহয়, হিমন্তক এশ বছৰেও মিঞাই ভোট নিদিয়ে ৷ হিমন্তই জীৱনতো মিঞাক খেদিব নোৱাৰে ৷’’ যোৱা 2 নৱেম্বৰত এই মন্তব্য কৰিছিল আজমলে ৷

ইফালে ছত্তীশগড়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সাংসদ আজমলে কৈছিল, ‘‘যদি ভাৰতত শাসন কৰিব বিচাৰা তেন্তে মুছলমানৰ হাত-ভৰি ধুই পানী খাব লাগিব ৷ আমাক হিন্দুৰো ভোট লাগিব, মুছলমানৰো ভোট লাগিব ৷ আমি হিন্দু মুছলমানৰ বিভেদ সৃষ্টি কৰা কাম নকৰো ৷’’ আজমলৰ এই দুটা মন্তব্যক লৈ ৰাজ্যৰ ৰাজনীতি গৰম হৈ আছে ৷

লগতে পঢ়ক:AIUDF MP Badruddin Ajmal: ভাৰত শাসনৰ বাবে মুছলমানৰ হাত-ভৰি ধুই পানী খাব লাগিব: আজমল

Last Updated : Nov 7, 2023, 11:03 PM IST

ABOUT THE AUTHOR

...view details