অসম

assam

ETV Bharat / state

গোৱালপাৰাত কংগ্ৰেছৰ সংখ্যালঘু বিভাগৰ বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভা - হিমন্ত বিশ্ব শৰ্মা

গোৱালপাৰাত কংগ্ৰেছৰ সংখ্যালঘু বিভাগৰ বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ যায় মঙলবাৰে। এই সভাত হিমন্ত বিশ্ব শৰ্মাই ঘৃণাৰ সভ্যতা কৰিছে আৰু কংগ্ৰেছে সিন্ধু নদীৰ দৰে সভ্যতা কৰিব বুলি মন্তব্য কৰে আব্দুল খালেকে।

গোৱালপাৰাত কংগ্ৰেছৰ সংখ্যালঘু বিভাগৰ বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভা
গোৱালপাৰাত কংগ্ৰেছৰ সংখ্যালঘু বিভাগৰ বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভা

By

Published : Oct 13, 2020, 8:08 PM IST

গোৱালপাৰা, 13 অক্টোবৰঃ গোৱালপাৰা জিলা কংগ্ৰেছ কমিতিৰ সংখ্যালঘু বিভাগৰ উদ্যোগত আজি গোৱালপাৰা জিলা কংগ্ৰেছ ভৱনত এখনি বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ যায। উক্ত সভাৰ সভাপতিত্ব কৰে জিলা কংগ্ৰেছৰ সংখ্যালঘু বিভাগৰ অধ্যক্ষ জুলফিকৰ আলি ভূট্টই। সংখ্যালঘু বিভাগৰ কাৰ্যনিৰ্বাহক সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে এ পি চি চিৰ সংখ্যালঘু বিভাগৰ অধ্যক্ষ চলমান খান আৰু বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেক

বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেক উপস্থিত থাকে সভাত

সভাত উপস্থিত থকা কেবা শতাধিক কংগ্ৰেছ কৰ্মীক আগন্তক নিৰ্বাচনৰ বাৱে কিদৰে মাৰ বান্ধি থিয় হৈ বিজেপিক পৰাস্ত কৰিব সেই বিষয়ে ভাষণ প্ৰদান কৰে কংগ্ৰেছ নেতা সকলে। লগতে সাংসদ আব্দুল খালেকে কয় যে,হিমন্ত বিশ্ব শৰ্মাই ঘৃণাৰ সভ্যতা আৰম্ভ কৰিছে। কিন্তু আমি সিন্ধু নদীৰ দৰে সভ্যতা আৰম্ভ কৰিম। মহাজোঁট বন্ধনৰ ক্ষেত্ৰটো সাংসদ গৰাকীয়ে কয় বিজেপিক উৎখাত কৰিবৰ বাবে আমি সকলো দল একত্ৰিত হ'বলৈ আহ্বান জনাইছো।
লগতে চাওকঃ নুনমাটিৰ চেক্টৰ 1-ত ভূমিস্খলন

ABOUT THE AUTHOR

...view details