অসম

assam

ETV Bharat / state

জলেশ্বৰত কংগ্ৰেছৰ 'বুথ সংকল্প শিবিৰ' - 'বুথ সংকল্প শিবিৰ'

গোৱালপাৰাৰ জলেশ্বৰত জিলা কংগ্ৰেছ আৰু জলেশ্বৰ ব্লক কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত হ'ল 'বুথ সংকল্প শিবিৰ' । এই 'বুথ সংকল্প শিবিৰ'ত জলেশ্বৰ সমষ্টিৰ ২৫ খন গাঁও পঞ্চায়তৰ মণ্ডল সভাপতি, ২০৩ খন বুথ কমিটীৰ সভাপতিৰ লগতে যুৱ কংগ্ৰেছ, মহিলা কংগ্ৰেছৰ কৰ্মীসকলক প্ৰশিক্ষণ দিয়া হয় ।

জলেশ্বৰত কংগ্ৰেছৰ 'বুথ সংকল্প শিবিৰ'
জলেশ্বৰত কংগ্ৰেছৰ 'বুথ সংকল্প শিবিৰ'

By

Published : Feb 16, 2021, 8:24 PM IST

গোৱালপাৰা, ১৬ ফেব্ৰুৱাৰী: ৰাজ্যৰ আন প্ৰান্তৰ লগতে গোৱালপাৰাতো নিৰ্বাচনী প্ৰস্তুতি তীব্ৰতৰ কৰি তুলিছে কংগ্ৰেছে । মঙলবাৰে গোৱালপাৰা জিলাৰ জলেশ্বৰৰ ৰাজমিতাত অনুষ্ঠিত হয় কংগ্ৰেছ দলৰ 'বুথ সংকল্প শিবিৰ' । অনুষ্ঠান আৰম্ভ কৰাৰ পূৰ্বে কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী তথা জলেশ্বৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক প্ৰয়াত আফজালুৰ ৰহমানৰ বিয়োগত গভীৰ শোকপ্ৰকাশ কৰে কংগ্ৰেছ কৰ্মীসকলে । জলেশ্বৰ সমষ্টিৰ ২৫ খন গাঁও পঞ্চায়তৰ মণ্ডল সভাপতি, ২০৩ খন বুথ কমিটীৰ সভাপতিৰ লগতে যুৱ কংগ্ৰেছ, মহিলা কংগ্ৰেছৰ কৰ্মীসকলক প্ৰশিক্ষণ দিয়ে ছত্তিশগড় কংগ্ৰেছ কমিটীৰ সভাপতি নিৰ্মল কছাৰীয়ে ।

জলেশ্বৰত কংগ্ৰেছৰ 'বুথ সংকল্প শিবিৰ'

এই সভাত উপস্থিত থাকে গোৱালপাৰা পশ্চিম সমষ্টিৰ বিধায়ক এ কে ৰচিদ আলমৰ লগতে গোৱালপাৰা জিলা কংগ্ৰেছৰ সভাপতি আব্দুছ ছামাদ সৰকাৰ, ছত্তিশগড় কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক ৰাজেন্দ্ৰ ছাহু, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সামাজিক মাধ্যমৰ সম্পাদক মুস্তাক গোলাম ওছমানি, গোৱালপাৰা জিলা কংগ্ৰেছ কমিটী আৰু জলেশ্বৰ তথা জামাদাৰহাট ব্লক কংগ্ৰেছ কমিটীৰ কাৰ্যকৰ্তাসকল ।

জলেশ্বৰত কংগ্ৰেছৰ 'বুথ সংকল্প শিবিৰ'

গোৱালপাৰা পশ্চিম সমষ্টিৰ বিধায়কগৰাকীয়ে কয় যে, আগন্তত বিধানসভা নিৰ্বাচনত জয়ী হৈ অসমত কংগ্ৰেছ নেতৃত্বাধীন মহাঁজোটে চৰকাৰ গঠন কৰিব আৰু সংখ্যালঘু অধ্যুষিত সমষ্টিবোৰত কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দলে বন্ধুত্বমূলকভাৱে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব । লগতে তেওঁ জলেশ্বৰ সমষ্টিৰ এ আই ইউ ডি এফৰ বিধায়ক চাহাব উদ্দিন আহমেদে সমষ্টিৰ উন্নয়ন সাধন কৰাত ব্যৰ্থ হৈছে বুলি অভিযোগ তুলি তীব্ৰ সমালোচনা কৰে ।

লগতে পঢ়ক:বৰপেটাৰ ১২৪০ নং পূৱ সালেকুৰা প্ৰাথমিক বিদ্যালয়ত বন্ধ মধ্যাহ্ন ভোজন

ABOUT THE AUTHOR

...view details