কোটি টকীয়া কেলেংকাৰীৰ তদন্ত গোৱালপাৰা, ৭ অক্টোবৰ :গোৱালপাৰা পৌৰসভাত সংঘটিত কোটি টকীয়া কেলেংকাৰীৰ তদন্ত কৰিবলৈ শুকুৰবাৰে গোৱালপাৰাত উপস্থিত হয় চি এম ভিজিলেন্সৰ এটা দল । অভিযোগ অনুসৰি, গোৱালপাৰা পৌৰসভাই পঞ্চদশ বিত্তীয় আয়োগৰ ২.৫৮ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা খোৱাপানীৰ আৰ অ’ প্লাণ্ট আৰু মল পৰিশোধন প্লাণ্ট আঁচনিত চূড়ান্ত অনিয়ম আৰু দুৰ্নীতি সংঘটিত হৈছে ৷
এই দুৰ্নীতিত নাম সাঙোৰ খাইছে পৌৰপতি মহানন্দ পাঠকৰ । এই বিষয়ে জ্ঞাত হৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দুৰ্নীতিৰ তদন্ত ঘোষণা কৰে ৷ মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ পাচতে শুকুৰবাৰে গোৱালপাৰাত উপস্থিত হয় চি এম ভিজিলেন্সৰ দলটো ৷
জানিব পৰা মতে, যোৱা ১৮ মাৰ্চত মুখ্যমন্ত্ৰীয়ে তদন্ত ঘোষণা কৰাৰ পিচতে গোৱালপাৰা পৌৰসভাৰ দুৰ্নীতিৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক আৰু সতৰ্কতা শাখাই(চি এম ভিজিলেন্স) এটি গোচৰ ৰুজু কৰি বিগত প্ৰায় সাত মাহ ধৰি তদন্ত অব্যাহত ৰাখিছে । ইয়াৰ অংশ হিচাপে শুকুৰবাৰে গোৱালপাৰাত উপস্থিত হয় দুৰ্নীতি নিবাৰক শাখাৰ এটি ৭ জনীয়া দল ।
দলটোৱে প্ৰথমে হাচিলা বাছ ষ্টেণ্ডত স্থাপন কৰা আৰ অ’ প্লাণ্টত উপস্থিত হৈ পুংখানুপংখুভাৱে চৰজমিন তদন্ত চলায় । দলটোত থকা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিশেষজ্ঞই গুণগত মানদণ্ড পৰীক্ষাৰ বাবে প্লানটোৰ ফিল্টাৰকে ধৰি বিভিন্ন অংশৰ পৰা পানীৰ নমুনাও সংগ্ৰহ কৰে । ইয়াৰ পিচত বিয়লি দলটোৱে পৌৰসভাৰ কাৰ্যলয়ত উপস্থিত হৈ আঁচনিখনৰ সকলো নথি-পত্ৰ তন্ন তন্নকৈ পৰীক্ষা কৰে ৷
জানিব পৰা মতে, শুকুৰবাৰে নিশা দলটোৱে ভালুক ডুবিৰ নতুন আৱৰ্ত ভৱনত বাহৰ পাতে । দুৰ্নীতি নিবাৰক শাখাৰ এই ৭ জনীয়া দলটোৱে আজি অৰ্থাৎ শনিবাৰে অভিযোগকাৰী পৌৰ আয়ুক্তসকলৰ লগতে বিভিন্ন পক্ষৰো সাক্ষ্য গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে ।
শনিবাৰৰ দিনৰ ভাগতে তদন্ত প্ৰক্ৰিয়া আৰু সাক্ষ্য গ্ৰহণ সমাপ্ত নহ’লে প্ৰয়োজন সাপেক্ষে দলটোৱে দেওবাৰ পৰ্যন্ত গোৱালপাৰাতে বাহৰ পাতি তদন্ত চলাব বুলি জানিব পৰা গৈছে । মল পৰিশোধন প্লাণ্টখনতো বিয়াগোম দুৰ্নীতি সংঘটিত হৈছে যদিও দুৰ্নীতি নিবাৰক শাখাই খোৱাপানীৰ আৰ অ’ প্লাণ্টৰ দুৰ্নীতি সন্দৰ্ভতহে বিশেষভাৱে গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হৈছে ৷
লগতে পঢ়ক :Protest in Lakhimpur : হত্যাকাৰীৰ ফাঁচীৰ দাবীত লখিমপুৰত ৰাইজৰ প্ৰতিবাদ