অসম

assam

ETV Bharat / state

দুধনৈৰ জলসিঞ্চন বিভাগৰ অভিযন্তাৰ বাসগৃহত দুৰ্নীতি নিবাৰক শাখা - CM vigilance team raid

গোৱালপাৰাত দুৰ্নীতি নিবাৰক শাখাৰ তালাচী ৷ দুধনৈৰ জলসিঞ্চন বিভাগৰ কাৰ্যবাহী অভিযন্তা আকবৰ আলীৰ গৃহত চলে এই অভিযান ৷ তালাচীত উদ্ধাৰ দুই লাখ বাৰ হাজাৰ টকাৰ নগদ ধন । কাৰ্যালয়ত উৎকোচ গ্ৰহণ কৰি থকা অৱস্থাত হাতে-লোটে ধৰা পৰিছিল আকবৰ আলী(CM vigilance team arrested Executive engineer accepting bribe) ৷

cm-vigilance-team-raid-at-executive-engineers-home-at-dudhnoi
দুৰ্নীতি নিবাৰক শাখাৰ অভিযান

By

Published : May 21, 2022, 11:50 AM IST

গোৱালপাৰা, 21 মে’ :দুদিন পূৰ্বে কাৰ্যালয়ত উৎকোচ লোৱা অৱস্থাত হাতে-লোটে ধৰা পৰিছিল দুধনৈৰ জলসিঞ্চন বিভাগৰ এগৰাকী কাৰ্যবাহী অভিযন্তা ৷ দুৰ্নীতি নিবাৰক শাখাৰ বিষয়াই ধৰা পেলোৱা অভিযন্তাগৰাকীৰ নাম আছিল আকবৰ আলী(CM vigilance team arrested Executive engineer accepting bribe) ৷ উত্থাপিত অভিযোগ অনুসৰি, কাৰ্যবাহী অভিযন্তা আকবৰ আলীয়ে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছতে আশ্ৰয় লৈছিল দুৰ্নীতি-অনিয়মৰ ৷

শেহতীয়াকৈ জলসিঞ্চন বিভাগৰ এটি প্ৰায় 10 লাখ টকীয়া কামৰ বাবে স্থানীয় যুৱকসকলৰ পৰা 8 শতাংশকৈ কমিচন বিচাৰিছিল অভিযন্তাগৰাকীয়ে ৷ এই কমিছনৰ বাবদ আদায় দিবলগীয়া 80 হাজাৰ টকাৰ 50 হাজাৰ টকা অভিযন্তাগৰাকীয়ে গ্ৰহণ কৰাৰ সময়তে তদন্তকাৰী আৰু দুৰ্নীতি নিবাৰক শাখাই কাৰ্যালয়টোত উপস্থিত হৈ কাৰ্যবাহী অভিযন্তা আকবৰ আলীৰ লগতে উচ্চবৰ্গৰ বিষয়া জগদীশ ৰাভাক আটক কৰে ৷ আটক কৰাৰ পিছৰে পৰা কাৰ্যবাহী অভিযন্তাগৰাকীক মাৰাথন জেৰা অব্যাহত ৰাখে দুৰ্নীতি নিবাৰক শাখাৰ বিষয়াসকলে ৷

জলসিঞ্চন বিভাগৰ অভিযন্তাৰ বাসগৃহত দুৰ্নীতি নিবাৰক শাখা

জেৰাৰ অন্তত সন্ধিয়া আকবৰ আলীৰ বাসগৃহত অভিযান চলায় তদন্তকাৰী দল এটাই ৷ উক্ত তালাচীৰ সময়তে জব্দ হয় প্ৰায় 2 লাখ 12 হাজাৰ টকা ৷ সম্প্ৰতি দুৰ্নীতি নিবাৰক শাখাৰ জিম্মাত থকা কাৰ্যবাহী অভিযন্তাগৰাকীৰ বিৰুদ্ধে অহৰহ তদন্ত অব্যাহত থাকিব বুলি সদৰি কৰে দুৰ্নীতি নিবাৰক শাখাই ৷

লগতে চাওক:প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ এন আৰ চিৰ ৰাজ্যিক সমম্বয়কৰ

ABOUT THE AUTHOR

...view details