গোৱালপাৰা,১৩ ফেব্ৰুৱাৰী: বুধবাৰে গোৱালপাৰাৰ দুধনৈত অনুষ্ঠিত হয় ৰাভা-হাছং স্বায়ত্বশাসন পৰিষদৰ শপত গ্ৰহণ অনুষ্ঠান । এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে বিত্ত আৰু স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । ৰাভা-হাছং স্বায়ত্বশাসন পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য হিচাপে পুনৰবাৰ টংকেশ্বৰ ৰাভাই শপত গ্ৰহণ কৰে । উল্লেখ্য যে অধ্যক্ষ চাৰুমোহন ৰাভাৰ সৈতে নিৰ্বাচিত আটাইকেইগৰাকীকে শপত বাক্য পাঠ কৰোৱাই নামনি অসমৰ আয়ুক্ত নিতিন শিৱদাসে।
দুধনৈত ৰাভা-হাছং স্বায়ত্বশাসিত পৰিষদৰ শপত গ্ৰহণ অনুষ্ঠান
মুখ্যমন্ত্ৰীৰ কৃষি সঁজুলি যোজনাৰ শুভাৰম্ভ কৰি কৃষকক এক কালীন পাঁচ হাজাৰ টকাৰ চেক প্ৰদান
ইপিনে এই সভাত ৰাভা-হাছং স্বায়ত্বশাসন পৰিষদৰ আটাইকেইজন সদস্যক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শুভেচ্ছা জ্ঞাপন কৰে । লগতে এই সভাতে মুখ্যমন্ত্ৰীৰ কৃষি সঁজুলি যোজনাৰো শুভাৰম্ভ কৰা হয় । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই আঁচনিৰ শুভাৰম্ভ কৰি কৃষিখণ্ডত আগৰণোৱা হিচাপে পৰিচিত দুধনৈত এখন কৃষি বিশ্ববিদ্যালয়ৰ কেম্পাছ নিৰ্মাণ কৰিব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে । ইয়াৰলগতে একাংশ কৃষকলৈ কৃষি সঁজুলি ক্ৰয়ৰ বাবে এক কালীন পাঁচ হাজাৰ টকাৰ চেক প্ৰদান কৰি এই আঁচনিৰ শুভাৰম্ভ কৰে ।
ইফালে এই সভাৰ অন্তত ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়কখন উত্থাপন নোহোৱাৰ বাবে অসমীয়াৰ বৃহৎ ক্ষতি হ'ব বুলি সাংবাদিকৰ আগত মন্তব্য কৰে বিত্ত আৰু স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । যাৰ বাবে ১৭ খনকৈ বিধানসভা সমষ্টি বাংলাদেশী মুছলমানৰ হাতলৈ যাব বুলিও মত প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে ।