গোৱালপাৰা,19 জুন : গোৱালপাৰাৰ ৰংজুলিৰ তহশীল ময়দানত কলাগুৰুক স্মৰণ। অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু ৰাভা-হাছং স্বায়ত্বশাসন পৰিষদ তথা গোৱালপাৰা জিলা প্ৰশাসনৰ সহযোগত আয়োজন কৰা হয় এই অনুষ্ঠানৰ ৷
গোৱালপাৰাত শিল্পীলৈ বিষ্ণু প্ৰসাদ ৰাভা বঁটা - RABHA DIVAS
সভাখনত সাংস্কৃতিক জগতখনত বিশেষভাৱে অৱদান যোগোৱা আঠজনকৈ ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰখ্যাত মুখাশিল্পী ৰেৱকান্ত মহন্ত আৰু নৃত্য প্ৰতিয়সী কুমাৰী লাইতোনজম ইবেমপিশক আগবঢ়ায় 2019ৰ কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা বঁটা।
![গোৱালপাৰাত শিল্পীলৈ বিষ্ণু প্ৰসাদ ৰাভা বঁটা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3613754-thumbnail-3x2-pic1.jpg)
এই দিৱসত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সাংস্কৃতিক মন্ত্ৰী নৱ কুমাৰ দলে, বিধায়ক দীপক ৰাভা, ৰাভা-হাছঙৰ মুখ্যকাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা, মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামী। সভাখনত সাংস্কৃতিক জগতখনত বিশেষভাৱে অৱদান যোগোৱা আঠজনকৈ ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰখ্যাত মুখাশিল্পী ৰেৱকান্ত মহন্ত আৰু নৃত্য প্ৰতিয়সী কুমাৰী লাইতোনজম ইবেমপিশক আগবঢ়ায় 2019ৰ কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা বঁটা।