অসম

assam

By

Published : May 5, 2022, 7:50 PM IST

ETV Bharat / state

ৰাইজমেলৰ মাজতে লাগিল মাৰপিট; এফালে কেৰামত আনফালে ছামছুল

গোৱালপাৰাৰ জলেশ্বৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । বিবাদ মীমাংসা কৰি থকাৰ মাজতে লাগিল তয়াময়া ৰণ । দুটা ফৈদৰ মাৰপিটত আহত মহিলাসহ প্ৰায় বিশজন(Clash between two sides in Goalpara) ।

clash between two sides in goalpara
গোৱালপাৰা জলেশ্বৰত দুই পক্ষৰ মাজত ভয়ঙ্কৰ মাৰপিট

গোৱালপাৰা,৫ মে':ঈদৰ আনন্দৰ মাজতেই গোৱালপাৰাৰ জলেশ্বৰত তীব্ৰ উত্তেজনা(Tension situation in Jaleswar) । দুই পক্ষৰ মাজত সংঘটিত হয় এক ভয়ানক মাৰপিটৰ ঘটনা (Clash between two sides in Goalpara) । বিবাদ মীমাংসা কৰিবলৈ বহা ৰাইজমেলত সংঘটিত হয় এই কাণ্ড ।

এফালে ছামছুল হকৰ পক্ষ আনফালে কেৰামত আলীৰ পক্ষ ৷ দুয়োটা পক্ষৰ মাজত সংঘটিত হয় এই ভয়ানক মাৰপিটৰ ঘটনা । এই মাৰপিটৰ ঘটনাত মহিলাকে ধৰি অতি কমেও বিশজন লোক আহত হৈছে । ইয়াৰ ভিতৰত নুৰ মহম্মদ নামৰ এজন যুৱকৰ অৱস্থা সংকটজনক বুলি জনা গৈছে । আহত সকলক জলেশ্বৰ মডেল হাস্পতালত ভৰ্তি কৰোৱা হৈছে ।

গোৱালপাৰা জলেশ্বৰত দুই পক্ষৰ মাজত ভয়ঙ্কৰ মাৰপিট

ঘটনাৰ বিৱৰণি মতে, ঈদৰ দিনা কেৰামত আলী পক্ষৰ ইব্ৰাহিম আলী নামৰ যুৱক এজনে মটৰচাইকেল লৈ কৰিচালা গাঁৱৰ মাজেৰে গৈ থকা অৱস্থাত ই-ৰিক্সাৰে দুৰ্ঘটনাত পতিত হৈছিল ।

উক্ত দুৰ্ঘটনাক কেন্দ্ৰ কৰি ছামছুল হকৰ পক্ষৰ একাংশ যুৱকে ইব্ৰহিম আলী নামৰ যুৱকজনক মাৰপিট কৰে । ইব্ৰহিমক মাৰ পিট কৰা ঘটনা সামাজিকভাৱে মীমাংসা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল । সেইমৰ্মেই বিবাদ মীমাংসা কৰিবলৈ বহা ৰাইজমেলত অনিন্ত্ৰিতভাৱে সংঘটিত হয় এই মাৰপিটৰ ঘটনা । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় । ইতিমধ্যে ছামছুল হকৰ পক্ষই ঘটনাকলৈ জলেশ্বৰ আৰক্ষী চকীত গোচৰ তৰিছে ।

লগতে পঢ়ক:নিজ কৃৰ্তিত্বৰে উজ্জলিছে এঞ্জেল প্ৰিয়া

For All Latest Updates

ABOUT THE AUTHOR

...view details