গোৱালপাৰা,31 মে': বৰ্তমানেও সম্পূৰ্ণৰূপে ৰোধ হোৱা নাই বাল্য বিবাহ। বৃহস্পতিবাৰে নিশা নগৰবেৰাৰ ৰংগেশ্বৰীত বাল্য বিবাহৰ বিৰুদ্ধে বকো চাইল্ড লাইন আৰু টুপামাৰী আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰে ১৬ বছৰীয়া নৱ-বিবাহিতা নাবালিকাক ৷ ২৮ মে'ত বৰপেটাৰ মাজৰচৰৰ পৰা বিয়া পাতি ৰংগেশ্বৰী গাঁৱৰ ছইফুৰ ৰহমান নামৰ যুৱকজনে ঘৰলৈ আনিছিল নাবালিকাগৰাকীক। ইপিনে আৰক্ষী আৰু চাইল্ড লাইনৰ অভিযানৰ খবৰ লাভ কৰি পলায়ন কৰে ছইফুৰ ৰহমান আৰু পিতৃ নাৱেব আলীয়ে।
বাল্য বিবাহ: নগৰবেৰাৰ ৰংগেশ্বৰীৰ পৰা উদ্ধাৰ নৱ-বিবাহিত নাবালিকাক - বাল্য বিবাহ
ৰোধ হোৱা নাই বাল্য বিবাহ । নগৰবেৰাৰ ৰংগেশ্বৰীত বাল্য বিবাহৰ বিৰুদ্ধে বকো চাইল্ড লাইন আৰু টুপামাৰী আৰক্ষীৰ অভিযান ৷ উদ্ধাৰ 16 বছৰীয়া নৱ-বিবাহিত নাবালিকাক ৷
![বাল্য বিবাহ: নগৰবেৰাৰ ৰংগেশ্বৰীৰ পৰা উদ্ধাৰ নৱ-বিবাহিত নাবালিকাক](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3430530-thumbnail-3x2-hknkjl.jpg)
ৰোধ হোৱা নাই বাল্য বিবাহ