অসম

assam

গোৱালপাৰাত গৰু চোৰৰ তাণ্ডৱ

By

Published : May 27, 2019, 10:26 PM IST

জয়ৰামকুচি গাঁৱৰ জবেধৰ ৰাভাৰ গোহালিৰ পৰা দুটা হালোৱা গৰু আৰু কৃষ্ণ ৰাভাৰ গোহালিৰ পৰা এজনী গাই গৰুৰ লগতে দুটা হালোৱা গৰুসহ মুঠ পাঁচটা গৰু চুৰি কৰি নিয়ে

গোৱালপাৰাত গৰু চোৰৰ তাণ্ডৱ

গোৱালপাৰা,27 মে': গোৱালপাৰাৰ লক্ষীপুৰ আৰক্ষী থানাৰ জয়ৰামকুচি গাঁৱত গৰু চোৰৰ তাণ্ডৱ। একে নিশাই চোৰে চুৰি কৰি নিলে পাঁচটাকৈ গৰু। লক্ষীপুৰ আৰক্ষী থানাৰ বিভিন্ন এলেকাত দীৰ্ঘ দিনৰ পৰাই গৰু চোৰে চলাইছে তাণ্ডৱ। দেওবাৰে নিশা জয়ৰামকুচি গাঁৱৰ জবেধৰ ৰাভাৰ গোহালিৰ পৰা দুটা হালোৱা গৰু আৰু কৃষ্ণ ৰাভাৰ গোহালিৰ পৰা এজনী গাই গৰুৰ লগতে দুটা হালোৱা গৰুসহ মুঠ পাঁচটা গৰু চুৰি কৰি নিয়ে। আনহাতে,চুৰি কাণ্ড সন্দৰ্ভত লক্ষীপুৰ আৰক্ষী থানাত দুয়োটা পৰিয়ালে পৃথকে পৃথকে এজাহাৰ দাখিল কৰে। প্ৰায় এক লাখ টকাৰ বজাৰ মূল্যৰ গৰু কেইটাৰ এতিয়া লৈ কোনো সন্ধান লাভ কৰা নাই।

গোৱালপাৰাত গৰু চোৰৰ তাণ্ডৱ

ABOUT THE AUTHOR

...view details