অসম

assam

By

Published : Nov 30, 2021, 2:22 PM IST

ETV Bharat / state

গোৱালপাৰাত নাওসহ ৭০ টা চোৰাং গৰু জব্দ

সোমবাৰে গোৱালপাৰা জিলাৰ পঞ্চৰত্নত ব্ৰহ্মপুত্ৰ নদীপথত আৰক্ষীয়ে জব্দ কৰে দুখন যন্ত্ৰ চালিত নাঁওসহ বৃহৎসংখ্যক চোৰাং গৰু (cattle seized at Goalpara) ৷ নদীপথেৰে একাংশ ব্যৱসায়ীৱে চলাই গৈছে গৰুৰ চোৰাং ব্যৱসায় (Cattle smuggling via Barhmaputra) ৷

cattle seized
গোৱালপাৰাত নাওসহ ৭০ টা চোৰাং গৰু জব্দ

গোৱালপাৰা, 30 নৱেম্বৰ : ৰাজ্যত অব্যাহত আছে চোৰাং গৰুৰ ৰমৰমীয়া ব্যৱসায় (Illegal Cattle smuggling in Assam)। আৰক্ষীৰ চকুত ধুলি দি একাংশ ব্যৱসায়ীৱে চলাই গৈছে গৰুৰ চোৰাং ব্যৱসায় । এইবাৰ চোৰাং গৰু সৰৱৰাহৰ বাবে ব্যৱসায়ীৱে বাচি লৈছে ব্ৰহ্মপুত্ৰৰ নদীপথ (Cattle smuggling via Barhmaputra)।

গোৱালপাৰাত নাওসহ ৭০ টা চোৰাং গৰু জব্দ

সোমবাৰে পুৱতি নিশা গোৱালপাৰা জিলাৰ পঞ্চৰত্নত ব্ৰক্ষ্মপুত্ৰৰ নদীপথত আৰক্ষীয়ে জব্দ কৰে দুখন যন্ত্ৰ চালিত নাঁওসহ ৭০ টাকৈ চোৰাং গৰু (cattle seized at Goalpara) । গোৱালপাৰা জিলা আৰক্ষী অধীক্ষক(SP of Goalpara), উপ-আৰক্ষী অধীক্ষক(DSP of Goalpara) আৰু নদী আৰক্ষীৰ যৌথ অভিযানত জব্দ হয় নাওসহ গৰুকেইটা ।

লগতে পঢ়ক:কামৰূপ আৰক্ষীৰ জালত 64 টা চোৰাং গৰুভৰ্তি এখন ট্ৰাক

অন্ধকাৰৰ সুযোগ লৈ চোৰাং গৰু কঢ়িওৱা ব্যৱসায়ীকেইজন পলাই যাবলৈ সক্ষম হয় যদিও উদ্ধাৰ কৰা গৰুকেইটা নদী আৰক্ষীৰ জিম্মাত ৰখা হয় । ইপিনে আৰক্ষীয়ে গৰু সৰৱৰাহকাৰীকেইজনৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে ।

লগতে পঢ়ক:Drugs peddler arrest : নগাঁও আৰক্ষীৰ জালত মাৰণাস্ত্ৰসহ দুই সৰবৰাহকাৰী

ABOUT THE AUTHOR

...view details