গোৱালপাৰা, 27 আগষ্ট:ৰাজ্যত বিভিন্ন সময়ত বিভন্ন ধৰণৰ দুৰ্নীতি সংঘটিত হৈ থকাৰ বাতৰিয়ে সংবাদ শিৰোনাম দখল কৰি থাকে ৷ তাৰ মাজতে এইবাৰ গোৱালপাৰত সংঘটিত হৈছে খাদ্য আৰু অসামৰিক যোগান বিভাগৰ বিতৰণৰ বাবে অনা চাউলৰ দুৰ্নীতি ৷ জানিব পৰা মতে, গোৱালপাৰাৰ লুপ্তচৰত বগা চাউলৰ ক’লা ব্যৱসায়ত লিপ্ত হৈছিল একাংশ অসাধু ব্যৱসায়ী ৷ সেই খবৰৰ পমখেদি গোপন সূত্ৰৰ পৰা লাভ কৰিছিল গোৱালপাৰা জিলা প্ৰশাসনে ৷
খবৰ লাভ কৰাৰ পাচতে প্ৰশাসনে বৃহস্পতিবাৰে নিশা লুপ্তচৰৰ হেকমত আলী নামৰ লোক জনৰ বাস গৃহত অভিযান চলাই ৷ অভিযান কালত প্ৰশাসনে হেকমত আলীৰ বাসগৃহৰ পৰা বৃহৎ পৰিমাণৰ যোগান বিভাগৰ চাউল জব্দ কৰিবলৈ সক্ষম হয় ৷ ইয়াৰ লগতে অভিযানকাৰী দলটোৱে ঘটনাৰ লগত জড়িত সাতজনকৈ ব্যক্তিক আটক কৰিবলৈ সক্ষম হৈছে ৷
লগতে পঢ়কঃ কোনে ৰচনা কৰিছিল পাপনৰ জনপ্ৰিয় গীত ‘শ্যামৰায় কলিয়া’ ?
কিন্তু সমগ্ৰ ঘটনাৰ মূল মাষ্টাৰ মাইণ্ড তথা চাউল জমা কৰি ৰখা ঘৰৰ গৰাকী হেকমত আলীক কৰায়ত্ব কৰিবলৈ সক্ষম নহ’ল অভিযানকাৰী দলটো ৷ উল্লেখযোগ্য যে, বিশেষ সূত্ৰৰ পমখেদি জানিব পৰা গৈছে যে, বৰপেটা চৰাঞ্চলৰ সমবায় সমিতিৰ চাউল ব্ৰহ্মপুত্ৰৰ নদী পথেদি গোৱালপাৰালৈ আনি মেঘালয় আৰু বাংলাদেশলৈ সৰবৰাহ কৰা হয় ৷