গোৱালপাৰা, ২৭ জানুৱাৰী : শুকুৰবাৰে গোৱালপাৰাত উপস্থিত হৈ গোৱালপাৰা সদৰ আৰক্ষী থানা উদ্বোধন কৰে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই (Bhaskarjyoti Mahanta inaugurated Goalpara PS) । উল্লেখ্য, অসম চৰকাৰৰ মৈত্ৰী আঁচনিৰ (Assam Govt Moitri project) অধীনত নৱনিৰ্মিত গোৱালপাৰা সদৰ আৰক্ষী থানাখন আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে উদ্বোধন কৰাৰ লগতে ভাৰ্চুৱেলী উদ্বোধন কৰে আন তিনিখনকৈ আৰক্ষী থানা ।
উল্লেখ্য, এই উপলক্ষে আয়োজিত অনুষ্ঠানত শুকুৰবাৰে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ (Assam Police DGP Bhaskarjyoti Mahanta) সৈতে গোৱালপাৰাত উপস্থিত হয় আৰক্ষী মহাপৰিদৰ্শক (পশ্চিম সংমণ্ডল) দিলীপ কুমাৰ দে' । মৈত্ৰী আঁচনিৰ অধীনত নৱনিৰ্মিত গোৱালপাৰা সদৰ আৰক্ষী থানা উদ্বোধন কৰাৰ উপৰি ভাৰ্চুৱেলভাৱে উদ্বোধন কৰে গোৱালপাৰা জিলাৰ ধূপধৰা আৰক্ষী থানা, বৰপেটা জিলাৰ হাউলি আৰক্ষী থানা আৰু কামৰূপ জিলাৰ নগবেৰা আৰক্ষী থানা ।
প্ৰায় দুই কোটি টকা ব্যয় সাপেক্ষে এই প্ৰতিখন থানাকে আটকধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে । আনহাতে, আৰক্ষী সঞ্চালক প্ৰধান আৰু আৰক্ষী মহাপৰিদৰ্শকে গোৱালপাৰা সদৰ আৰক্ষী থানাৰ ভিতৰভাগ দৰ্শন কৰি আপ্লুত হৈ উল্লেখ কৰে যে মৈত্ৰী আঁচনিৰ অধীনত অসমৰ প্ৰতিখন থানা এতিয়া আটকধুনীয়াকৈ নিৰ্মাণ কৰা হ'ব । ইতিমধ্যে মৈত্ৰী আঁচনিৰ অধীনত অসমত ৮৫ খনকৈ থানা সম্পূৰ্ণকৈ নিৰ্মাণ কৰা হৈছে আৰু বাকী থানাসমূহো এই আঁচনিৰ অধীনত নিৰ্মাণ কৰা হ'ব ।