গোৱালপাৰা, 16 ডিচেম্বৰ :গোৱালপাৰা এছ বি আই বেংকৰ বিষয়া-কৰ্মচাৰীসকলে বৃহস্পতিবাৰে ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে । ৰাষ্ট্ৰীয়কৃত বেংক ব্যক্তিগতকৰণ(Privatization of Public Sector Banks)ৰ বাবে লোৱা সিদ্ধান্তৰ বিৰোধীতা কৰি বেংক কৰ্মচাৰীসকলে পালন কৰে এই প্ৰতিবাদী কাৰ্যসূচী ৷ গোৱালপাৰা এছ বি আই বেংকৰ বিষয়া-কৰ্মচাৰীসকলে এই প্ৰতিবাদী কাৰ্যসূচীৰ লগত সংগতি ৰাখি পুৱা বেংকৰ সন্মুখত ৰূপায়ন কৰে ধৰ্মঘট কাৰ্যসূচী(Bank Employees Strike) ৷
ৰাষ্ট্ৰীয়কৃত বেংক ব্যক্তিগতকৰণৰ বাবে লোৱা সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবীত বেংক কৰ্মচাৰীসকলে ঐক্যৱদ্ধভাৱে ১৬ আৰু ১৭ ডিচেম্বৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়নৰ সিদ্ধান্ত লয় ৷ বেংক কৰ্মচাৰীৰ প্ৰতিবাদৰ ফলত এই দুদিন স্তব্ধ হৈ পৰিব বেংকসমূহৰ সকলো কাম-কাজ ৷ উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰৰ বেংকৰ নতুন সংশোধন আইনখনৰ বিৰোধিতা কৰি আহিছে বেংকৰ বিষয়া কৰ্মচাৰীসকলে ।