গোৱালপাৰা, ৭ নৱেম্বৰ :যোৱা সোমবাৰৰ পৰা গোৱালপাৰা জিলাৰ নলবাৰী সংৰক্ষিত বনাঞ্চলত চলিছে বন বিভাগৰ উচ্ছেদ অভিযান । সংৰক্ষিত বনাঞ্চলৰ ৭০ হেক্টৰ ভূমিৰ বেদখলকৃত ৫২৫ বিঘাত চলিছে এই উচ্ছেদ অভিযান । শান্তিপূৰ্ণভাৱে উচ্ছেদ চলি থকাৰ মাজতে আজি উপস্থিত হয় সাংসদ বদৰুদ্দিন আজমলসহ এআইইউডিফৰ এটা সজাতি দল । সাংসদ বদৰুদ্দিন আজমল উচ্ছেদস্থলীত উপস্থিত হোৱাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । একাংশ ক্ষুব্ধ ৰাইজে এই দলটোক জবাবদিহি কৰে ।
সাংসদ বদৰুদ্দিন আজমলে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি কয় যে উচ্ছেদ হৈছে বিজেপি চৰকাৰৰ ঘৃণাৰ ৰাজনীতিৰ বাবে । তেওঁ উচ্ছেদ বন্ধ কৰাৰ দাবীত উচ্চতম ন্যায়ালয়ত গোচৰ তৰিব বুলি কয় । গোৱালপাৰাৰ লক্ষীপুৰৰ গৌৰনগৰৰ নলবাৰী সংৰক্ষিত বনাঞ্চলত চলি থকা দ্বিতীয় দিনৰ উচ্ছেদ অভিযানত সাংসদ আজমল বাহিনীয়ে বাধা দিয়ে । উচ্ছেদস্থলীত উপস্থিত হয় ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমল,জনীয়াৰ বিধায়ক ৰফিকুল ইছলাম প্ৰমূখ্যে আজমলৰ নেতা-পালিনেতাৰ এটা সজাতি দল । উচ্ছেদস্থলীত একপ্ৰকাৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে । গৌৰনগৰৰ উচ্ছেদস্থলীত উপস্থিত হৈ সৰব হৈ পৰে জনিয়াৰ বিধায়ক হাফিজ ড৹ৰফিকুল ইছলাম ।