জনীয়া, 16 অক্টোবৰঃ জনীয়াৰ বালিকুৰিত এ আই ইউ ডি এফৰ নিৰ্বাচনী প্ৰচাৰ সভাত সাংসদ বদৰুদ্দিন আজমল। অভিনয় কৰিলেই তৌফিকুৰক ৰাইজে ভোট নিদিয়ে। এই বক্তব্য সাংসদ বদৰুদ্দিন আজমলৰ।
উপ-নিৰ্বাবাচনঃ কিয় নিজকে বাঘ বুলিলে বদৰুদ্দিন আজমলে !
এন আৰ চি সম্পৰ্কে শিলাদিত্য, ড৹ হিমন্ত বিশ্ব শৰ্মা যেনেদৰে বিৰূপ মন্তব্য কৰিছে তাতোতকৈ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে বেছি বিৰূপ মন্তব্য কৰা বুলিও আজমলে উল্লেখ কৰে।
জনীয়া সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে এ আই ইউ ডি এফৰ প্ৰচাৰ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে এ আই ইউ ডি এফৰ সভাপতি থতা ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ মৌলনা বদৰুদ্দিন আজমল। বদৰুদ্দিন আজমলে কংগ্ৰেছ আৰু বিজেপিক ভাষন প্ৰসংগত ক্ষুৰধাৰ সমালোচনা কৰে। ''বিজেপিৰ যদি জনীয়া আৰু বাঘবৰ সমষ্টি পাকিস্তানৰ নিচিনা লাগে তেন্তে হিন্দু প্ৰাৰ্থী দিব লাগিছিল। তৌফিকুৰ ৰহমানৰ অভিনয়ে জনীয়া সমষ্টিত কামত নিদিয়ে'' , এই মন্তব্য সাংসদ বদৰুদ্দিন আজমলৰ। শেহতীয়াকৈ কংগ্ৰেছৰ বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেকে দাড়ী টুপিক লৈ কৰা মন্তব্যৰো ক্ষুৰধাৰ সমালোচনা কৰে আজমলে। এন আৰ চি সম্পৰ্কে শিলাদিত্য, ড৹ হিমন্ত বিশ্ব শৰ্মা যেনেদৰে বিৰূপ মন্তব্য কৰিছে তাতোতকৈ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে বেছি বিৰূপ মন্তব্য কৰা বুলিও আজমলে উল্লেখ কৰে।
আজমলৰ মন্তব্য, বিজেপিয়ে দেশখনক শেষ কৰি পেলাইছে কিন্তু বদৰুদ্দিন আজমলে নিজকে বাঘৰ পোৱালী বুলি দাবী কৰি কয় যে, সংসদত বাঘৰ পোৱালী এটাই যথেষ্ট ৷