অসম

assam

ETV Bharat / state

বাঁহৰ সাঙী আৰু বাঁহৰ দলঙেই য’ত ভৰসা ! - নগৰবেৰা

পুনৰ দেশত আৰম্ভ হৈছে লোকসভা নিৰ্বাচন ৷ লগতে আৰম্ভ হৈছে পৰিৱৰ্তনৰ শ্লোগান ৷ কিন্তু প্ৰকৃতাৰ্থত কিমান পৰিৱৰ্তন হ'ল ৰাজ্যৰ গ্ৰামাঞ্চলৰ ?

উন্নয়নৰ মুখ নেদেখা নগৰবেৰাৰৰ এটা অঞ্চল

By

Published : Apr 14, 2019, 1:28 PM IST

গোৱালপাৰা , 14 এপ্ৰিল : দেশত আৰম্ভ হৈছে লোকসভা নিৰ্বাচন ৷ সভাই সমিতিয়ে ৰাজনৈতিক নেতা সকলে বোৱাইছে প্ৰতিশ্ৰুতিৰ বন্যা ৷ কিন্তু ৰাজনৈতিক নেতা সকলৰ প্ৰতিশ্ৰুতি বাস্তৱত কিমান ৰূপ দিয়ে তাৰে এক উদাহৰণ দেখা গ'ল গোৱালপাৰা জিলাৰ নগৰবেৰাত ৷ বাঁহৰ সাঙীৰে এগৰাকী ৰোগীক বিপদসংকুল ভাৱে এখন বাঁহৰ দলঙৰে পাৰ কৰি চিকিৎসালয়লৈ বুলি কঢ়িয়াই নিলে পৰিয়ালৰ লোকে ৷

উন্নয়নৰ মুখ নেদেখা নগৰবেৰাৰৰ এটা অঞ্চল

বৰপেটা জিলাৰ দক্ষিণ প্ৰান্তৰ খোলাবান্দাৰ পৰা দুখনকৈ নদী পাৰহৈ প্ৰায় 7-8 কিলোমিটাৰ কান্ধত কঢ়িয়াই পৰিয়ালৰ লোকে ৰোগী গৰাকীক লৈ যায় নগৰবেৰাৰ ব্লক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ ৷ এয়া বিজেপি সাংসদ বিজয়া চক্ৰৱৰ্তীয়ে পোন্ধৰ বছৰ প্ৰতিনিধিত্ব কৰা গুৱাহাটী লোকসভা সমষ্টিৰ নগৰবেৰাৰ দৃশ্য ৷ আচলতে দক্ষিণ বৰপেটাৰ চৰাঞ্চল আৰু কামৰূপ জিলাৰ বকো সমষ্টিৰ নগৰবেৰাৰ গ্ৰামাঞ্চল সমুহত পৰ্যাপ্ত সুবিধাযুক্ত চিকিৎসালয় তথা এম্বুলেঞ্চৰ সুবিধা নাই বুলি জানিব দিয়ে গাঁওবাসীয়ে ৷ ফলত এই অঞ্চলসমুহৰ ৰোগীক নিব লগীয়া হয় নগৰবেৰা স্বাস্থ্য কেন্দ্ৰলৈ ৷ গাঁওবাসীৰ অভিযোগ অনুসৰি এখন এম্বুলেঞ্চৰ অভাৱত ঠেলা ঘোঁৰা গাড়ী কিম্বা ভাৰবান্ধি কামৰূপ জিলাৰ নগৰবেৰাৰ গ্ৰামাঞ্চলৰ লোকে ৰোগীক চিকিৎসালয়লৈ কঢিয়ায় লৈ যায় ৷ ইয়াৰোপৰি বাট পথৰ দুৰৱস্থা আৰু চিকিৎসালয়ত ৰোগী অনুপাতে চিকিৎসক নথকাৰ বাবে গাঁওবাসীয়ে যমৰ যাতনা ভোগ কৰি আহিছে বুলি অভিযোগ দিয়ে ৷ আনহাতে ৰোগীজনক পাৰ কৰা জলজলী নৈৰ ওপৰত থকা বাঁহৰ দলংখন গাঁওবাসীয়ে গাঠিৰ ধন ভাঙি কৰি নিৰ্মাণ কৰা বাঁহৰ দলং বুলি জানিবলৈ দিয়ে ৷ এতিয়া প্ৰশ্ন হয় পৰিৱৰ্তনৰ শ্লোগানেৰে গাদী দখল কৰা চৰকাৰ খনৰ চকুত পৰিবনে এইসমূহ দৃশ্য ৷

ABOUT THE AUTHOR

...view details