অসম

assam

ETV Bharat / state

Students protest against teacher : সহকাৰী শিক্ষকৰ গুণ্ডাৰাজ ! - Teacher torture Parent in Goalpara

গোৱালপাৰাত এগৰাকী সহকাৰী শিক্ষকৰ ব্যৱহাৰত অতিষ্ঠ হৈছে শিক্ষাৰ্থী, অভিভাৱক আৰু প্ৰধান শিক্ষক (Assistant teacher misbehaviour)। অভিভাৱক আৰু প্ৰধান শিক্ষকক আক্ৰমণ কৰাৰ গুৰুতৰ অভিযোগ শিক্ষকজনৰ বিৰুদ্ধে । অভিযুক্ত শিক্ষকৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ শিক্ষামন্ত্ৰীক দাবী জনালে শিক্ষাৰ্থীয়ে ।

Students protest against teacher
সহকাৰী শিক্ষকৰ গুণ্ডাৰাজ

By

Published : Feb 18, 2023, 8:38 PM IST

জনচেতনা প্ৰাথমিক বিদ্যালয়ত উত্তেজনা

গোৱালপাৰা,১৮ ফেব্ৰুৱাৰী :গোৱালপাৰা জিলাৰ এখন চৰকাৰী বিদ্যালয়ৰ সহকাৰী শিক্ষকৰ অতপালি (Assistant teacher misbehaviour)। অভিভাৱকক মাৰপিট কৰাৰ লগতে প্ৰধান শিক্ষককো আক্ৰমণ কৰাৰ অভিযোগ সহকাৰী শিক্ষকজনৰ বিৰুদ্ধে । অভিযুক্ত শিক্ষকগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ দাবীত শিক্ষাৰ্থীয়ে বিদ্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰে ।

এই ঘটনা গোৱালপাৰা চহৰৰ সমীপৰ জনচেতনা প্ৰাথমিক বিদ্যালয়ৰ । বিদ্যালয়খনৰ সহকাৰী শিক্ষক জমেৰ উদ্দিন আহমেদৰ বিৰুদ্ধে অভিভাৱক আৰু প্ৰধান শিক্ষকক মাৰপিটৰ অভিযোগ উত্থাপন হৈছে ।

উল্লেখ্য যে, গোৱালপাৰা জিলাৰ মাটিয়া শিক্ষাখণ্ডৰ অন্তৰ্গত জনচেতনা প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক জমেৰ উদ্দিন আহমেদৰ বিৰুদ্ধে এই অভিযোগ কেৱল আজিৰ নহয় । দীৰ্ঘদিন ধৰি তেওঁৰ অতপালিক লৈ অতিষ্ঠ হৈ পৰিছে অঞ্চলটোৰ ৰাইজ ।

জানিব পৰা মতে বিদ্যালয়খনৰ সহকাৰী শিক্ষকজনে শেহতীয়াকৈ এগৰাকী ছাত্ৰক বেয়াকৈ প্রহাৰ কৰিছিল । কণমানি ছাত্ৰজনে কান্দি কান্দি ঘৰত গৈ অভিভাৱকক এই বিষয়ে অৱগত কৰে । ইয়াৰ পাছতে অভিভাৱকে আহি প্ৰথমে প্ৰধান শিক্ষকক এই বিষয়ে অৱগত কৰে । তাৰ পাছত মাৰপিট কৰা সহকাৰী শিক্ষক জমেৰ উদ্দিনক ছাত্ৰগৰাকীক কিয় মাৰপিট কৰিছে বুলি সোধাত ছাত্ৰগৰাকীৰ মাতৃক আক্ৰমণৰ কৰিবলৈ চেষ্টা কৰে শিক্ষকগৰাকীয়ে (Teacher torture Parent in Goalpara)।

লগে লগে বিদ্যালয়খনত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় । ইফালে হুলস্থূল নকৰিবলৈ প্ৰধানশিক্ষকে আহ্বান জনোৱাৰ লগে লগে সহকাৰী শিক্ষকজনে প্ৰধান শিক্ষকগৰাকীকো আক্ৰমণ কৰাৰ চেষ্টা কৰে বুলি অভিযোগ উত্থাপন হৈছে (Assistant teacher attacked principal)।

এতিয়া প্ৰশ্ন হয়, যি সময়ত চৰকাৰী বিদ্যালয়ৰ উন্নয়ন তথা উন্নত শিক্ষাৰ বাবে ৰাজ্য চৰকাৰে ন ন কৌশল অৱলম্বন কৰিছে তেনে সময়তে অভিভাৱকক দুৰ্ব্যৱহাৰ কৰা এনেধৰণৰ শিক্ষকৰ পৰা ছাত্ৰ-ছাত্ৰীয়ে কি শিক্ষা লাভ কৰিব ? ইফালে ৰাইজে অভিযোগ কৰা মতে বিদ্যালয়খনৰ শিক্ষাৰ মান অতি নিম্নমানৰ হৈ আছে । সহকাৰী শিক্ষকজনে শিক্ষাৰ্থীসকলক শিক্ষাদানৰ ক্ষেত্ৰত গাফিলতি কৰে বুলিও ৰাইজে অভিযোগ কৰিছে ।

স্থানীয় ৰাইজৰ অভিযোগ সহকাৰী শিক্ষকগৰাকীয়ে দীৰ্ঘদিন ধৰি বাহুবল দেখুৱাই আহিছে । আনকি সহকাৰী শিক্ষক জমেৰ উদ্দিন আহমেদে প্ৰধান শিক্ষককো কেৰেপ নকৰে বুলি অভিযোগ কৰিছে একাংশ লোকে । সেয়েহে স্থানীয় ৰাইজে অতিষ্ঠ হৈ জিলা উপায়ুক্তৰ লগতে শিক্ষা মন্ত্ৰীক অভিযুক্ত সহকাৰী শিক্ষকৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ দাবী জনাইছে । শিক্ষাৰ্থীসকলেও সহকাৰী শিক্ষকজনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে (Students protest against teacher)।

লগতে পঢ়ক :AMSU protest in Tinsukia: প্ৰাঞ্জল মৰাণৰ সন্ধানৰ দাবীত তিনিচুকীয়াত পথ অৱৰোধ

ABOUT THE AUTHOR

...view details