গোৱালপাৰা, ২০ ফেব্ৰুৱাৰী : অসম সত্ৰ মহাসভাৰ মাজ চলি থকা বিতৰ্কই চূড়ান্ত ৰূপ ধাৰণ কৰিছে (Assam Satra Mahasabha controversy) । যাৰ ফলত অসম সত্ৰ মহাসভা দুটা ভাগত বিভক্ত হোৱাটো চূড়ান্ত হৈ পৰিছে । এক কথাত ক'বলৈ গ'লে বৰ্তমান বিভাজনৰ দিশে আগবাঢ়িছে অসম সত্ৰ মহাসভা (Dividation in Assam Satra Mahasabha) । এক সংবাদমেলত অসম সত্ৰ মহাসভাৰ গোৱালপাৰা জিলা সমিতি আৰু অভ্যৰ্থনা সমিতিৰ ক্ষুৰধাৰ সমালোচনা সত্ৰ মহাসভাক (Assam Satra Mahasabha Goalpara session) । এই সংবাদমেলতে অসম সত্ৰ মহাসভাত বিভাজনৰ ইংগিত প্ৰায় স্পষ্ট হৈ পৰিছে ।
উল্লেখ্য, গোৱালপাৰা জিলাৰ বগুৱানত অনুষ্ঠিত হৈ যোৱা অসম সত্ৰ মহাসভাৰ ৫২ সংখ্যক পূৰ্ণকালীন অধিবেশনৰ পিছতে অসম সত্ৰ মহাসভাত ফাঁট মেলা আৰম্ভ হৈছে । ইতিমধ্যে সত্ৰ মহাসভাৰ মাজত সৃষ্টি হোৱা মতানৈক্যৰ বাতৰিও এক সংবাদ-পত্ৰত প্ৰকাশ পাইছে । ইয়াৰ পিচতে সত্ৰ মহাসভাৰ গোৱালপাৰা জিলা সমিতি আৰু পূৰ্ণকালীন অধিবেশনৰ অভ্যৰ্থনা সমিতিয়ে আয়োজন কৰে এক সংবাদমেল । এই সংবাদমেলযোগে গোৱালপাৰা জিলা আৰু অভ্যৰ্থনা সমিতিয়ে কয় যে, অধিবেশনৰ বিষয় বাচনি সভাত কিছু সংখ্যক ক্ষমতালোভী, পদলোভী অথবা সংকীৰ্ণ আঞ্চলিকতাবাদত বিশ্বাস কৰা ব্যক্তিৰ বক্তব্যই সভাৰ পৰিস্থিতি উত্তপ্ত কৰে তোলে ।
অৱশ্যে কেন্দ্ৰীয় সমিতিৰ আইনী উপদেষ্টা মনু বৰুৱাৰ পৰামৰ্শ আৰু গৰিষ্ঠ সংখ্যক লোকৰ সমৰ্থনত পূৰ্বৰ সমিতিখনকে বাহাল ৰখা হয় । ইয়াৰ পিচতে কাৰ্যকৰী সভাপতি হৰিদেৱ গোস্বামীয়ে কেইজনমান অনুগামীক লগত লৈ সভাকক্ষ ত্যাগ কৰাৰ লগতে নিজকে বিসম্বাদৰ স্বয়ম্ভূ নেতা হিচাপে আত্মপ্ৰকাশ কৰায় । আনহাতে, তেওঁৰ নেতৃত্বতে নিয়ম বহিঃৰ্ভূতভাৱে বিভাজনৰ নীতি প্ৰৱৰ্তন কৰি দ্বিতীয়খন অসম সত্ৰ মহাসভা গঠন কৰে বুলি ঘোষণা কৰে । অসম সত্ৰ মহাসভাক এইদৰে দ্বিখণ্ডিত কৰা সিদ্বান্তক গোৱালপাৰা জিলা সত্ৰ মহাসভই ক্ষুৰধাৰ সমালোচনা কৰাৰ লগতে গৰিহণা দিয়ে ।