গোৱালপাৰা, ৮ জুনঃ গোৱালপাৰাৰ খৰমুজা উন্নয়ন খণ্ডৰ পানডোবাৰ বিধ্বস্ত পথে জ্বলা-কলা খুৱাইছে ৰাইজক । উপায়ন্তৰ হৈ ৰাইজ ওলাই আহিল পথ নিৰ্মাণ কৰিবলৈ ।
গোৱালপাৰাত ৰাইজে নিৰ্মাণ কৰিলে পথ - Goalpara
প্ৰতিবছৰে বাৰিষা আহিলেই একাঁঠু একাঁঠু বোকাৰে পৰিপূৰ্ণ হয় পানডোবাৰ পথটো । স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ উপৰিও ৰাইজে যাতায়াতৰ বাবে দুৰ্ভোগ ভুগিব লগীয়া হয় ।
দীৰ্ঘদিন ধৰি পানডোবাৰ এই পথটো জৰাজীৰ্ণ অৱস্থা । কিন্তু মেৰামতিৰ কোনো পদক্ষেপ নাই মাৰকুলা গাঁও পঞ্চায়তৰ । ফলত ৰাইজে ওলাই আহিল পথটো মেৰামতিৰ বাবে । চৰকাৰৰ গ্ৰামাঞ্চলৰ উন্নয়নৰ বাবে আছে এটা বিয়াগোম বিভাগ থকাৰ পিছতো ৰাইজে নিজেই নিৰ্মাণ কৰিব লগীয়া হোৱাত ক্ষুব্ধ হৈ পৰে স্থানীয় ৰাইজ । অতি শীঘ্ৰে উক্ত পথটো মেৰামতি কৰি যাতায়াতৰ সুবিধা কৰি দিবলৈ স্থানীয় বিধায়কৰ লগতে বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে ৰাইজৰ লগতে বিভিন্ন দল সংগঠন ।
লগতে আন এটা বাতৰি- লংকাত পথ দুৰ্ঘটনা, গুৰুতৰভাৱে আহত 1