গোৱালপাৰা, 5 এপ্ৰিল : গোৱালপাৰাৰ লক্ষীপুৰ আৰক্ষী থানা চৌহদত সোমবাৰে উপস্থিত হয় অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্ত ৷ মহন্তই লক্ষীপুৰ থানাৰ নৱনিৰ্মিত ভৱনটো মুকলি(New building of Lakhipur police station inugurated by DGP) কৰে ৷ অসম চৰকাৰৰ মৈত্ৰী আঁচনি(MOITRI Scheme Assam) ৰ জৰিয়তে প্ৰায় 1,58,39,616 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে ভৱনটো ৷
ভৱনটো মুকলি কৰি আৰক্ষী সঞ্চালকপ্ৰধান গৰাকীয়ে কয় যে, শিশুতকৈও কোমল, ফুলৰ দৰে পবিত্ৰ অসম আৰক্ষী ৷ কিন্তু অসৎ লোকৰ বাবে বজ্ৰতকৈও কঠিন অসম আৰক্ষী" (Assam police always harder than thunder for bad people) ৷ অপৰাধৰ ক্ষেত্ৰত অসম আৰক্ষীয়ে আপোচ নকৰাৰ কথাও সদৰী কৰে সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই ৷