অসম

assam

ETV Bharat / state

Atul Bora dhulia avatar: কান্ধত ঢোল লৈ নাচনীক নচুৱালে কৃষিমন্ত্ৰী অতুল বৰাই - assam minister atul borah

গোৱালপাৰাত উপস্থিত কৃষি মন্ত্ৰী অতুল বৰা । ঢুলীয়া ৰূপত দেখা গ’ল মন্ত্ৰী গৰাকীক । মন্ত্ৰীৰ ঢোলৰ ছেৱত কঁকাল ভাঙি নাচিলে বিহুৱতীয়ে (Minister Atul Bora in Goalpara)।

Minister Atul Bora in Goalpara
Atul Bora playing Bihu Dhool

By

Published : Mar 30, 2023, 6:29 PM IST

কান্ধত ঢোল লৈ নাচনীক নচুৱালে কৃষিমন্ত্ৰী অতুল বৰাই

গোৱালপাৰা, 30 মাৰ্চ:বৃহস্পতিবাৰে গোৱালপাৰাত উপস্থিত হয় ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰা । জিলাখনৰ গোৱালপাৰা চহৰস্থিত বিহু ফিল্ডত উপস্থিত হৈ বিহু নৃত্যৰ আখৰা পৰিদৰ্শন কৰে মন্ত্ৰী গৰাকীয়ে । উল্লেখ্য যে, অহা 14 এপ্ৰিল তাৰিখে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত ৰাজ্যখনৰ দহ সহস্ৰাধিক বিহুৱা-বিহুৱতীৰ দ্বাৰা অভিলেখ গঢ়াৰ বাবে আয়োজিত কৰা বিহুনৃত্যৰ আখৰা শিবিৰ ৰাজ্যখনৰ প্ৰতিটো জিলাত আয়োজন কৰা হৈছে (Mega Rangali Bihu at Sarusajai) ৷

চলিত মাহৰ 27 মাৰ্চৰ পৰা আৰম্ভ কৰা বিহু নৃত্যৰ আখৰা ৰাজ্যখনৰ প্ৰতিখন জিলাত পুৱা 10 আৰম্ভ হয় ৷ এই বিহু নৃত্যৰ আখৰা অহা 1 এপ্ৰিলত সমাপ্ত হ’ব । প্ৰতিখন জিলাৰ বিহু নৃত্যৰ আখৰাৰ পৰা অহা দহ সহস্ৰাধিক বিহুৱা-বিহুৱতীয়ে 14 এপ্ৰিল তাৰিখে বিহু নাচি অসমৰ বিহুক বিশ্বৰ দৰবাৰত দাঙি ধৰাৰ প্ৰয়াস কৰিব (Guinness world record with Bihu) ৷

বিহু নৃত্যক গিনিজ বুকত নাম অন্তৰ্ভুক্ত কৰাৰ বাবেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে গুৱাহাটীস্থিত সৰুসজাই ষ্টেডিয়ামত আয়োজন কৰিছে এক অনুষ্ঠানৰ । এই উদ্দেশ্যে অহা 14 এপ্ৰিলত অনুষ্ঠানটোত উপস্থিত থাকিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীও ৷ প্ৰধানমন্ত্ৰীৰ সন্মুখত হাজাৰ হাজাৰ ঢুলীয়া, পেঁপুৱা আৰু নাচনীয়ে বিহু নাচ প্ৰদৰ্শন কৰিব (Bihu preparation in Goalpara) ৷

গোৱালপাৰা চহৰৰ বিহু ফিল্ডস্থিত বিহু নৃত্যৰ আখৰা পৰিদৰ্শন কৰি মন্ত্ৰী অতুল বৰা অভিভূত হৈ পৰে । বিহু নৃত্য দেখি যেন গা ৰখাব নোৱাৰিলে মন্ত্ৰী বৰায়ো ৷ সেয়ে কান্ধত ঢোল আঁৰি লৈ বজাই চালে মন্ত্ৰী বৰাই ৷ তেওঁৰ ঢোলৰ ছেৱত নাচনীয়ে কঁকাল ভাঙি নচা দৃশ্যই উপস্থিত সকলোকে আপ্লুত কৰে ৷ গোৱালপাৰা জিলাবাসীয়ে ইমান ধুনীয়াকৈ বিহু নচা, ঢোল, পেঁপা আৰু গগণা বজোৱা দৃশ্য দেখি অভিভূত হোৱা বুলি উল্লেখ কৰে মন্ত্ৰী বৰাই (Atul Bora playing Bihu Dhool)।

লগতে পঢ়ক:Rongali Bihu preparation at Dibrugarh: তাঁ‌তশালত বিহুৱান বোৱাত ব্যস্ত শিপিনী

উল্লেখ্য যে, এই বিহুৰ বাবে এতিয়া উজনি-নামনি সকলোতে আৰম্ভ হৈছে ব্যাপক আখৰা ৷ ব’হাগত এপা নাচি বিহুটিক বিশ্ব পৰ্যায়ত পৰিচয় কৰাবৰ বাবে উঠি-পৰি লাগিছে ঢুলীয়া-নাচনী ৷ কাৰো গাত যেন তৎ নাই ৷ সকলোৱেই হাত উজান দিছে চৰকাৰৰ এই প্ৰচেষ্টাক সফল কৰিবলৈ ৷

ABOUT THE AUTHOR

...view details