আকৌ গোৱালপাৰাত চলিব উচ্ছেদ গোৱালপাৰা, ৬ জানুৱাৰী: গোৱালপাৰাত শীঘ্ৰেই চলোৱা হ’ব উচ্ছেদ অভিযান(Eviction will continue in Goalpara) ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে গোৱালপাৰাত সদৰী কৰে এই কথা(Assam CM Himanta Biswa Sarma) ৷ গোৱালপাৰা জিলাৰ মৰনৈস্থিত সৈনিক স্কুল পৰিদৰ্শন কৰিবলৈ আহি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত এই কথা উল্লেখ কৰে(Assam CM visits Goalpara Sainik School) ৷ তেওঁ এই উচ্ছেদৰ পৰা হাত সাৰিবলৈ ভুক্তভোগী লোকসকলক বিধায়কৰ জৰিয়তে উচ্চ ন্যায়ালয়ত আবেদন কৰিবলৈ আহ্বান জনায় ।
মুখ্যমন্ত্ৰীয়ে গোৱালপাৰা জিলাত ২০০১ চনৰ পৰা ২০২২ চনলৈ ভয়াৱহ জনবিস্ফোৰণ হোৱাৰ কথা উল্লেখ কৰি জনসংখ্যা নিয়ন্ত্ৰণ কৰিবলৈ সকলোকে আহ্বান জনায় ৷ গৰাখহনীয়াগ্ৰস্ত দৰিদ্ৰ লোকক মাটি ডেৰকঠাকৈ দিব পাৰি, কিন্তু আঠ-দহটা সন্তান থাকিলে, চৰকাৰে কেনেকৈ মাটি দিব বুলি তেওঁ ওলোটাই প্ৰশ্ন কৰে । তেওঁ একেদৰে গোৱালপাৰা জিলাত সংঘটিত হাতী-মানুহৰ সংঘাতৰ আঁৰতো জনসংখ্যা বিস্ফোৰণৰ বিষয়টো জড়িত থকাৰ কথা উল্লেখ কৰে ৷
গোৱালপাৰা জিলাত বনাঞ্চল ধ্বংস কাৰ্য ৰাজ্যখনৰ ভিতৰতে সৰ্বাধিক হোৱাৰ বাবে জিলাখনত হাতী-মানুহৰ সংঘাত বৃদ্ধি পোৱাৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে ৷ ইফালে চৰকাৰী মাটিত ৰবৰ খেতি অত্যাধিক হোৱা ফলত বেদখল বেছি হৈছে বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী কয় যে, ৰবৰ খেতি কেইজনমানে কৰিছে, তেওঁলোকক গুৰুত্ব নিদিওঁ । এক শ্ৰেণীৰ ভোট আমাক নালাগে বুলি মন্তব্য কৰাৰ লগতে তেওঁ ভোটৰ বাবে উচ্ছেদ বন্ধ নহয় বুলি উল্লেখ কৰে ৷
ইফালে মুখ্যমন্ত্ৰী শৰ্মাৰ আগমনকলৈ যথেষ্ঠ উৎফুল্লিত হৈ পৰে সৈনিক স্কুলৰ শিক্ষাৰ্থীসকল । সৈনিক স্কুলত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰথমে ইয়াৰ শৈক্ষিক পৰিৱেশ আৰু পাৰদৰ্শিতাৰ সন্দৰ্ভত ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে । মুখ্যমন্ত্ৰীয়ে সৈনিক স্কুলখন পৰিদৰ্শন কৰাৰ সময়ত ভাৰতীয় সেনাবাহিনীৰ লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাসহ কেইবাগৰাকী সেনা বিষয়া উপস্থিত থাকে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক স্কুলখনৰ ছাত্ৰ-ছাত্ৰীসকলে গাৰ্ড অৱ অৰ্নাৰ দিয়ে ।
ইয়াৰ পাছতে মুখ্যমন্ত্ৰী শৰ্মাই স্কুলখনৰ নৱনিৰ্মিত মুকলি মঞ্চ(AMP Theater) উদ্বোধন কৰে । তেওঁ মুকলি মঞ্চ উদ্বোধনৰ লগত সংগতি ৰাখি আয়োজন কৰা সভাত ভাষণো দিয়ে । মুখ্যমন্ত্ৰীৰ ভাষণৰ পূৰ্বে লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাই মুখ্যমন্ত্ৰী ড৹ শৰ্মাক চেলেং চাদৰৰে সম্বৰ্ধনা জনায় । তেওঁ ভাষণত সৈনিক স্কুলৰ অভাৱ পূৰণ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰাৰ কথা জানিবলৈ দিয়ে ৷ তেওঁ শিক্ষাৰ্থীসকলক নিজৰ লক্ষ্য পূৰ্ণ কৰিবলৈ প্ৰতিজ্ঞাবদ্ধ হোৱাৰ বাবে আহ্বান জনায় ৷
তেওঁ লগতে কয় যে, সৈনিক স্কুলৰ মাচুল অত্যাধিক হোৱাৰ বাবে ইয়াত অধ্যয়ন কৰোৱালৈ মধ্যবিত্ত পৰিয়ালৰ বাবে অত্যন্ত কষ্টকৰ হয় ৷ চৰকাৰে কিছু খৰচ বহন কৰে যদিও এয়া যথেষ্ঠ নহয় । গতিকে, যিসকলে ইয়াত অধ্যয়ন কৰিবলৈ সক্ষম হৈছে, তেওঁলোকক ভালদৰে অধ্যয়ন কৰিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে । তেওঁ এই সৈনিক স্কুলৰ পৰাই ভাৰতীয় সেনাবাহিনীত শীৰ্ষ বিষয়াৰ পদবী দখল কৰি আছে বুলি ভাষণত উল্লেখ কৰি স্কুলখনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে আগন্তুক পাঁচ বছৰত বিশেষ পদক্ষেপ লোৱাৰ কথা সদৰী কৰে ৷
লগতে পঢ়ক:Batadrava eviction: উচ্চ ন্যায়ালয়ৰ বিষোদগাৰ: শাস্তিৰ সন্মুখীন হ’ব পাৰে বটদ্ৰবা বুলড’জাৰকাণ্ডত জড়িত বিষয়া