গোৱালপাৰা, 9 মাৰ্চ: গোৱালপাৰাত নগৰ উন্নয়ন তথা জিলাখনৰ অভিভাৱক মন্ত্ৰী অশোক সিংহল (Minister Ashok Singhal) ৷ গোৱালপাৰাৰ দুখনকৈ ঐতিহাসিক বিল পৰিদৰ্শন মন্ত্ৰীগৰাকীৰ ৷ প্ৰয়োজন হ’লে বিল দুখনত উচ্ছেদ চলোৱা হ’ব বুলি মন্তব্য কৰে অশোক সিংহলে ৷
উল্লেখ্য যে, ৰাজ্য চৰকাৰে SOPD আঁচনিৰ অধীনত গোৱালপাৰা জিলা উৰপদ বিলখন সংৰক্ষৰ বাবে প্ৰদান কৰিছে 100 কোটি টকা ৷ বিলখনত চলি থকা কামৰো অগ্ৰগতি লয় মন্ত্ৰীগৰাকীয়ে (Ashok Singhal visited Goalpara) ৷ উৰপদ বিলখনক Wild Life Sanctuaryত অন্তৰ্ভুক্ত কৰাৰ বাবে মুখ্যমন্ত্ৰীৰ আলোচনা কৰা হ’ব বুলিও উল্লেখ কৰে মন্ত্ৰী সিংহলে ৷ ইফালে, জিলাখনৰ হাচিলা বিলত উপস্থিত হৈ বিলখনৰ চৌপাশ পৰিদৰ্শন কৰি বেদখলকাৰীক উচ্ছেদ কৰা হ’ল বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে (Eviction drive in wetlands) ৷
উল্লেখ্য যে, এইবাৰ ৰাজ্যৰ প্ৰাকৃতিক বিল, জলাশয় আদিত উচ্ছেদ চলাব ৰাজ্য চৰকাৰে ৷ ৰাজ্যৰ চহৰ-নগৰসমূহক কৃত্ৰিম বানমুক্ত কৰাৰ লক্ষ্যৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ৷ ইতিমধ্যেই ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বিল, জলাশয়সমূহত হোৱা বেদখলৰ তথ্য বিচাৰি জিলা উপায়ুক্তসকললৈ পত্ৰ প্ৰেৰণ কৰিছে মুখ্যমন্ত্ৰী কাৰ্যালয়ে ৷ শেহতীয়া সমীক্ষা অনুসৰি ৰাজ্যৰ মুঠ জলাহভূমিৰ 20 শতাংশই এতিয়া বেদখলকাৰীৰ কবলত (Encroachment in Assam wetland) ৷