অসম

assam

ETV Bharat / state

Ranjeet Kr Das in confusion : মূল্যবৃদ্ধিৰ কথা তেওঁ বুজাব জনা নাই নে ৰাইজে বুজি পোৱা নাই !

বিপাঙত পৰিছে মন্ত্ৰী ৰণজিৎ কুমাৰ দাস ৷ য’তে ত’তে সাঙোৰ খাইছে মন্ত্ৰী গৰাকীৰ ৷ জানো আহক ঘটনাৰ সবিশেষ ৷

assam-government-minister-ranjit-kumar-das-says-media-spreads-wrong-information-about-him
য’তে ত’তে নাম সাঙোৰ খোৱাত বিপাঙত পৰিছে ৰণজিৎ কুমাৰ দাস

By

Published : Nov 25, 2021, 10:20 PM IST

গোৱালপাৰা, 25 নৱেম্বৰ :য’তে ত’তে সাঙোৰ খাইছে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ নাম(Food and civil service minister Ranjit kumar Das) ৷ কেৱল ক্ষোভিত হোৱাই নহয় ইয়াকলৈ বিপাঙতো পৰিছে ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী গৰাকী ৷ বৃহস্পতিবাৰে গোৱালপাৰা জিলাত উপস্থিত হোৱা মন্ত্ৰী গৰাকীয়ে ক্ষোভ প্ৰকাশ কৰি কয় যে, শাক পাচলিৰ মূল্য বৃদ্ধি তেওঁৰ দায়িত্বত থকা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ পৰিসীমাত নপৰে ৷

কিন্তু, প্ৰায়েই পাচলিৰ মূল্য বৃদ্ধি হ’লে প্ৰচাৰ হয় যোগান বিভাগৰ মন্ত্ৰীৰ ব্যৰ্থতাৰ কথা ৷ এচাম সংবাদ মাধ্যমে তেওঁকে দোষাৰোপ কৰি তেনে বাতৰি কৰে বুলি কৈ উদ্বেগ প্ৰকাশ কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে(Minister Ranjit Das on media spreading wrong information) ৷ এই বিষয়ে মানুহক বুজাবই পৰা নাই নে মানুহে বুজা নাই তেওঁ নাজানে বুলিও উদ্বেগ প্ৰকাশ কৰিছে মন্ত্ৰী গৰাকীয়ে ৷

য’তে ত’তে নাম সাঙোৰ খোৱাত বিপাঙত পৰিছে ৰণজিৎ কুমাৰ দাস

অৱশ্যে, তথাপিও ৰাজ্যখনৰ এগৰাকী দায়িত্বশীল মন্ত্ৰী হিচাপে তেওঁ যিমানখিনি সম্ভৱ এই সমস্যাবোৰ নিয়ন্ত্ৰণ কৰিবলৈ তেওঁ চেষ্টা কৰাৰ কথা উল্লেখ কৰিছে ৰণজিৎ কুমাৰ দাসে ৷

উল্লখযোগ্য যে, বঙাইগাঁওত অনুষ্ঠিত কেবিনেট বৈঠক(Assam cabinet in Bongaigaon)ত অংশ লোৱাৰ পিছত মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে বুধবাৰে বিয়লি গোৱালপাৰা জিলাত উপস্থিত হয় খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী গৰাকী । বুধবাৰে সন্ধিয়া মন্ত্ৰী গৰাকীয়ে গোৱালপাৰাত বিজেপিৰ জিলা কাৰ্যালয়ত উপস্থিত হৈ দলীয় কৰ্মকৰ্তা সকলৰ লগত মত বিনিময় কৰে ৷

ইয়াৰ লগতে তেওঁ অগপ দলৰ কাৰ্যালয়তো উপস্থিত হৈ অগপৰ কৰ্মকৰ্তা সকলৰ সৈতেও মত বিনিময় কৰে(Ranjit Das meets AGP workers) । একেদৰে বৃহস্পতিবাৰে পুৱা গোৱালপাৰাৰ নতুন আৱৰ্ত ভৱনত তেওঁ অৰুণোদয় আঁচনিৰ হিতাধিকাৰী, পেঞ্চনাৰ আঁচনিৰ হিতাধিকাৰী সকলৰ সৈতে মত বিনিময় কৰে ৷ ইয়াৰ লগতে প্ৰাৰ্থনা আঁচনিৰ জৰিয়তে ১৫ গৰাকী হিতাধিকাৰী এক কালীন সাহায্যৰ চেক বিতৰণ কৰে ।

লগতে পঢ়ক :Assam Lok Sabha MPs in Parliament : কোন কিমান সক্ৰিয়, কোন নিমাতী কইনা ?

ABOUT THE AUTHOR

...view details