গোৱালপাৰা, ৬ ফেব্ৰুৱাৰীঃ সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ গোৱালপাৰা জিলাতো কৃষক আৰু শ্ৰমিক সমাজে ৰাজহুৱা সম্পত্তি ব্যক্তিকৰণ কৰাক লৈ চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ উঠে । বুধবাৰে কৃষক আৰু শ্ৰমিক সকলে ১২ দফীয়া দাবী সম্বলিত কৰি জিলা খনত এটা অধিকাৰ যাত্ৰা উলিয়াই ।
গোৱালপাৰাত কৃষক আৰু শ্ৰমিক সন্থাৰ চৰকাৰ বিৰোধী প্ৰতিবাদ - গোৱালপাৰা
১২ দফীয়া দাবীৰে জিলাখনত কৃষক আৰু শ্ৰমিকৰ অধিকাৰ যাত্ৰা
গোৱালপাৰাত কৃষক আৰু শ্ৰমিক সন্থাৰ চৰকাৰ বিৰোধী প্ৰতিবাদ
গোৱালপাৰা বাছ আস্থানৰ পৰা বিশাল সমদল উলিয়াই যাত্ৰা আৰম্ভ কৰি প্ৰতিবাদী দলটোৱে চহৰ খনৰ মাজ মজিয়া হৈ জিলা খনৰ বিওচিত সমাপ্ত কৰে। কৃষকৰ মাটি পাত্তা দিয়া, ভূমিহীন ব্যক্তিক ভূমি দিয়া, শ্ৰমিকৰ নূন্যতম দৰমহা মাহিলী ১৮০০০ টকা আদায় দিয়া ইত্যাদি দাবীৰে প্ৰতিবাদীকাৰীয়ে গোৱালপাৰাৰ ৰাজপথ উত্তাল কৰি তোলে।
উল্লেখ্য যে ধৰ্মক লৈ ৰাজনীতি নকৰিবলৈ বিজেপি চৰকাৰক একপ্ৰকাৰৰ সকিয়নীও প্ৰদান কৰে গোৱালপাৰা জিলা কৃষক সন্থাৰ সভাপতি ননী দাসে ।