গোৱালপাৰা, ৩০ জুলাইঃ গোৱালপাৰাৰ শিমলীতোলাত বানত বিস্তৰ ক্ষতি সাধন । প্ৰলয়ংকাৰী বানে বালিৰে পুতি পেলালে কৃষক সকলৰ সপোনৰ খেতিডৰা । মুৰে-কপালে হাত দিবলগীয়া পৰিস্থিতি কৃষকৰ ।
কৃষকৰ মাজত মাথো হুমুনিয়া,কঠিয়াৰ বাবে হাহাকাৰ কৃষকৰ - কৃষক
ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে গোৱালপাৰা জিলাৰ শিমলীতোলাতো কৃষকৰ একেই অৱস্থা । বৃহত্তৰ পথাৰখনত নাই এমুঠি কঠিয়া । এতিয়া কঠিয়া বিচাৰি হাহাকাৰ কৰিছে কৃষক সকলে ।
সমগ্ৰ ৰাজ্যখনতেই প্ৰলয়ংকাৰী বানে তচ-নচ কৰিলে হাজাৰ-হাজাৰ কৃষকৰ সপোন । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে গোৱালপাৰা জিলাৰ বৃহত্তৰ শিমলীতোলাতো কৃষকৰ একেই অৱস্থা । কৃষি প্ৰধান অঞ্চলটোত হাজাৰ হাজাৰ বিঘা মাটিত বানৰ পূৰ্বে খেতিৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছিল কৃষক সকলে । কিন্তু শিমলীতোলা কৃষকৰ এই সপোন কাঢ়ি নিলে সংসাৰী বানে । বৃহত্তৰ পথাৰখনত নাই এমুঠি কঠিয়া । এতিয়া কঠিয়া বিচাৰি হাহাকাৰ কৰিছে কৃষক সকলে । ক'তো পাবলৈ নাই এমুঠি কঠিয়া । কিন্তু কুম্ভকৰ্ণ নিদ্ৰাত ৰাজ্যৰ কৃষি বিভাগ । ন্যূনতম খৱৰ নোলোৱাৰ অভিযোগ বিভাগটোৰ বিষয়া কৰ্মচাৰী সকলৰ বিৰুদ্ধে বানাক্ৰান্ত ৰাইজৰ । চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক পুনৰ খেতি কৰিবৰ বাবে কঠিয়া যোগান ধৰিবলৈ আহ্বান জনাইছে কৃষক সকলে ।